নাওবৈচা, ১৯ অক্টোবৰ : লখিমপুৰৰ নাওবৈচাৰ শিঙৰা দলঙৰ সমীপত পুৱতি নিশা দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱতিলে ৪ জন লোকে । তীব্ৰবেগী ইন'ভা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এজোপা গছত । গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে গৈ আছিল AS-01BR-0078 নম্বৰৰ ইন'ভা বাহনখন । দলহাট তিনিআলিত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় চালক ৰত্ন মহন্তৰ । দুৰ্ঘটনাটোত মিতালী দাস বড়ো, উৎপল বড়ো আৰু ৰিংকু মৰাং গুৰুতৰভাৱে আহত হয় । আটাইকেইগৰাকীকে নাওবৈচা গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তিনিওজনৰে চিকিৎসালয়তে মৃত্যু ঘটে ৷
আনহাতে গুৰুতৰভাৱে আহত হোৱা আন এজন যাত্ৰী নাৰায়ণ বড়োক সংকটজনক অৱস্থাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । চালক ৰত্ন মহন্তৰ ঘৰ ঘিলাধাৰীত বুলি জানিব পৰা গৈছে । আনহাতে, নাৰায়ণ বড়ো, মিতালী দাস বড়ো আৰু উৎপল বড়ো গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ বাসিন্দা আৰু ৰিংকু মৰাঙৰ ঘৰ পহুমৰাৰ উজনি খামতিত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী