লখিমপুৰ, 16 এপ্ৰিল : লক ডাউনৰ বাবে এইবাৰ বাপতিসাহোন ৰঙালী বিহুৰ আনন্দ যেন ম্লান হৈ পৰিছে । তথাপিও হেঁপাহৰ ৰঙালী বিহুটিত এপাক নানাছি থাকিব নোৱাৰে অসমীয়া । সেয়েহে প্ৰতিঘৰ অসমীয়াই ঘৰতে বিহু উদযাপন কৰা দেখা গ’ল ৷ ঘৰত থাকিয়েই সামাজিক দুৰত্ব বজাই ৰাখি সকলোৱে উদযাপন কৰিছে বিহু ।
নাৰায়ণপুৰৰ পদ্মপুৰ গাঁৱৰ এগৰাকী যুৱতীৰো ঘৰতে বিহু উদযাপনৰ এক সুকীয়া দৃশ্য দেখিবলৈ পোৱা গৈছে ৷ গাঁওখনৰ প্ৰদীপ ভৰালীৰ কন্যা প্ৰিঞ্চিপ্ৰিয়াই দুই সহযোগীৰ সৈতে নিজ ঘৰতেই ঢোল বজাই এপাক নাচি বিহু উপভোগ কৰিছে । উল্লেখ্য যে,নাৰায়ণপুৰৰ ভিতৰুৱা গাৱঁৰ এইগৰাকী যুৱতীয়ে India's Big Superstar ৰ Instrumental Segmentত ঢোল বজাই সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে প্ৰিঞ্চিপ্ৰিয়া আৰু তেওঁৰ দুই সহযোগীয়ে হেঁপাহৰ ৰঙালী বিহুটি ঘৰত থাকিয়েই উদযাপন কৰি মহামাৰী কৰ’ণাৰ বিৰুদ্ধে জয়ী হ’বলৈ সদৌটিলৈ আহ্বান জনায় ।
লগতে পঢ়ক : জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে কি কৰি আছে ?