লখিমপুৰ, 31 আগষ্ট : শেহতীয়াকৈ পোহৰলৈ অহা ৰাজ্যৰ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ ৷ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত, দলৰেই নেতা-কৰ্মীয়ে নিযুক্তিৰ দুৰ্নীতিত সাঙোৰ খাই পৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যবাসী ৷ ফলস্বৰূপে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজনৈতিক, অৰাজনৈতিক বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজ ৷
ৰাজ্য চৰকাৰৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে ৰাজ্যজুৰি যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে নিযুক্তি কেলেকাৰীৰ উচিত তদন্তৰ লগতে দোষীক শাস্তিৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ লখিমপুৰতো ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে যুৱ কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷
বৃহস্পতিবাৰে বিয়লি লখিমপুৰ নগৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছে ৷ নগৰৰ গাৰ্লছ স্কুল ৰোড চাৰিআলিত যুৱ কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ লখিমপুৰ নগৰৰ গাৰ্লছ স্কুল ৰোড চাৰিআলিত বৃহস্পতিবাৰে সন্ধিয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছ সমিতিয়ে ৷
বিজেপিৰ গুণ্ডাৰাজ নচলিব, বিজেপি মুৰ্দাবাদ, বিজেপি গ' বেক, বিজেপি হায় হায়, নাৰী কেলেংকাৰীৰ তদন্ত লাগে আদি শ্লোগান দি যুৱ কংগ্ৰেছৰ একাংশ কৰ্মী তথা বিষয়ববীয়াই মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷ পুত্তলিকা দাহ কৰি লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বই কয় যে, বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত নাৰীৰ সুৰক্ষা নাই ৷ বিজেপিয়ে সমাজ ব্যবস্থা কলুষিত কৰিছে ৷ চাকৰিৰ নামত বজাৰ সৃষ্টি কৰিছে ৷ কাঠ, কয়লা, পাচলি আদিৰ চিণ্ডিকেট কৰিছে ৷ বিজেপিৰ নেতা, পালিনেতাই তিনিলাখকৈ টকা লৈ চাকৰিৰ বজাৰ মেলিছে ৷ দুৰ্নীতি শূণ্যভাৱে চাকৰি দিয়াৰ কথা ঘোষণা কৰি এতিয়া লাখ লাখ টকা প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছে ৷ এই সকলোবোৰ দেখি-শুনিও মুখ্যমন্ত্ৰী জন নীৰৱ হৈ আছে ৷ তেওঁ ইয়াৰ উত্তৰ দিব লাগিব বুলি দাবী কৰি যুৱ কংগ্ৰেছৰ নেতৃত্বই নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰো দাবী জনায় ৷
লগতে পঢ়ক : Protest in Tinsukia : তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ