লখিমপুৰ, 26 আগষ্ট : দুটা দশক উকলি যোৱাৰ পাছতো ঠিৰাং নহ’ল লখিমপুৰ জিলাৰ নামটো । এখন জিলাৰ দুটা নাম হোৱাত সময়ে সময়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে জিলাবাসী । দুটা দশক পৰ্যন্ত তেনেদৰেই চলি আছে জিলাখনৰ নামটো ।
লখিমপুৰ এখন ঐতিহ্য বহনকাৰী জিলা । ইংৰাজৰ শাসনকালৰ পৰা আহোম ৰাজত্বৰ কাল সামৰি জিলাখন অনেক ঐতিহাসিক সমল-তথ্যৰে সমৃদ্ধ হৈ আছে । পিছে জিলাখনৰ নামটো এই পৰ্যন্ত স্থিৰ নহ’ল । দুই ধৰণে লিপিৱদ্ধ হৈ আহিছে জিলাখনৰ নামটো ।
জিলাখনৰ নামটো ত্ৰয়োদশ শতিকাৰ আগভাগৰে পৰা লক্ষীমপুৰৰূপে প্ৰচলিত হৈ আহিছে বুলি বুৰঞ্জীবিদসকলে লিখি থৈ গৈছে । ইংৰাজ চাহাবৰ টোকা, বুৰঞ্জীৰ বিভিন্ন তথ্য, ধৰ্মগ্ৰন্থ, ঐতিহাসিক সমল আদিয়ে জিলাখনৰ নামটো লক্ষীমপুৰ বুলি চিনাক্ত কৰি আহিছে । জিলাখনৰ পৰিসৰ বিভিন্ন সময়ত বঢ়া-টুটা হৈ থাকিলেও নামটো কিন্তু লক্ষীমপুৰ বুলিয়েই প্ৰচলিত হৈ থাকিল ।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হোৱা বাবে উত্তৰ লক্ষীমপুৰ বুলি জিলাখন চিনাকি হৈ ৰ’ল । কিন্তু 2001 চনত অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে জিলা খনৰ নামটো লক্ষীমপুৰ সলায় লখিমপুৰ কৰিলে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেতিয়াৰ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও কেইগৰাকীমান জ্যেষ্ঠ ব্যক্তি আদালতৰো দ্বাৰস্থ হৈছিল । পিছে ৰাইজৰ এনে প্ৰচেষ্টা সফল নহ’ল । বাহাল থাকিল চৰকাৰী অধিসূচনা ।
কিন্তু চৰকাৰী অধিসূচনা মতে জিলাখনৰ নামটো লক্ষীমপুৰৰ সলনি লখিমপুৰ কৰা হ’ল যদিও সৰহভাগ ক্ষেত্রতে নতুন লখিমপুৰৰ সলনি পুৰণি লক্ষীমপুৰ নামটো হে প্ৰচলিত হৈ ৰ’ল । যাৰ বাবে আজিও জিলাখনৰ নামটো ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হৈ আহিছে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰৰ পৰা বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ গৰিষ্ঠ ভাগতে এতিয়াও পুৰণি লক্ষীমপুৰ নামটোহে ব্যৱহাৰ হৈ আহিছে ।
বিপৰীতে আন একাংশত নতুন লখিমপুৰ নামটো ব্যৱহাৰ কৰা হৈছে । চৰকাৰী অধিসূচনাৰ দুটা দশক অতিক্রম কৰাৰ পাছতো জিলাখনৰ নামটো থিক নোহোৱাত সমস্যাত পৰিছে জিলাবাসী । যাৰ বাবে এতিয়া জিলাখনৰ নামটো দুটা ধৰণে ব্যৱহাৰ হ’বলৈ ধৰিছে । সচেতন ৰাইজে এই ক্ষেত্ৰত চৰকাৰক জিলাখনৰ নামটো সন্দৰ্ভত স্থিৰ সিদ্ধান্ত লোৱাৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক: Wrestler needs financial help : চেলুনৰ ব্যৱসায়েৰে ক্ৰীড়া ক্ষেত্ৰত ভৰি দি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াইছে এজন নাপিতে