ETV Bharat / state

Assam municipal election 2022: পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ লখিমপুৰ জিলা বিজেপি - অভিযোগৰ ৰাজনীতি আৰম্ভ হৈছে

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) প্ৰস্তুতি । ইয়াৰ মাজতে শাসক-বিৰোধী দলৰ নেতাসকলৰ মাজত বাক-বিতণ্ডাও আৰম্ভ হৈছে । আৰম্ভ হৈছে অভিযোগৰ ৰাজনীতি । লখিমপুৰ জিলা বিজেপিৰ মতে জিলাখনৰ আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত ।

BJP
পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ লখিমপুৰ জিলা বিজেপি
author img

By

Published : Feb 17, 2022, 2:19 PM IST

লখিমপুৰ,১৭ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি চলিছে পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) তৎপৰতা । লখিমপুৰ জিলাত ইতিমধ্যে নিৰ্বাচনক লৈ দেখা গৈছে শাসক-বিৰোধী দলৰ মাজত তীব্ৰ বাক-বিতণ্ডা । লখিমপুৰ জিলা বিজেপিৰ সভাপতিৰ দাবী জিলাখনৰ পৌৰ নিৰ্বাচনত শোচনীয় পৰাজয় হ'ব কংগ্রেছৰ (Lakhimpur district BJP reacts to municipal elections)।

বিৰোধী কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ কয় যে কংগ্রেছে ধাৰলৈ প্ৰাৰ্থী লৈ নিৰ্বাচন খেলিব লগীয়া হৈছে । শোচনীয় হৈ পৰিছে দলটোৰ অৱস্থা । তেওঁ উল্লেখ কৰা মতে পৌৰ নিৰ্বাচনত কংগ্রেছক পৰাভূত কৰি একক সংখ্যাগৰিষ্ঠতা পাব বিজেপিয়ে ।

পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ লখিমপুৰ জিলা বিজেপি

বিজেপিয়ে যোগ্য প্ৰাৰ্থী দিয়াৰ বিপৰীতে কংগ্রেছ দলটো প্ৰাৰ্থীৰ সংকটত পৰিছে বুলি অভিযোগ কৰে সভাপতি ফণীধৰ বৰুৱাই । যাৰ বাবে মাজুলীৰ উপ-নিৰ্বাচনত যুঁজিবলৈ ধেমাজিৰ পৰা কংগ্রেছে প্ৰাৰ্থী ধাৰলৈ নিবলগীয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

শেহতীয়াকৈ হৈ যোৱা ঠেঙাল পৰিষদীয় নিৰ্বাচনতো কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থীজনৰ শোচনীয় পৰাজয় হোৱাৰ তেওঁ উদাহৰণ দাঙি ধৰে । লখিমপুৰৰ বিজেপি বিধায়কজনৰ ৮ মহীয়া কাৰ্যকালত হোৱা উন্নয়নৰ প্ৰৱাহৰ প্ৰতি সমৰ্থন জনাই ৰাইজে বিজেপিৰ হাততে পৌৰসভাখন অৰ্পণ কৰিব বুলি তেওঁ নিশ্চিত । উল্লেখ্য যে লখিমপুৰ পৌৰ সভাৰ ২১ টা ৱাৰ্ডৰ ১৯ টাত বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে ২ টা ৱাৰ্ড মিত্রদল অগপক এৰি দিছে । আনহাতে বিৰোধী দল কংগ্রেছে ২১ টা ৱাৰ্ডতে দলীয় প্রার্থী প্ৰক্ষেপ কৰিছে ।

লগতে পঢ়ক :Municipal Election 2022: বৰপেটাৰোডত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত গীতুমণি দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.