ETV Bharat / state

লালুকত কৃষি আইনৰ বিৰোধিতাৰে কৃষক মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচী - লালুক

লখিমপুৰৰ লালুকত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল তিনিটাকৈ সংগঠন । কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । EIA বাতিলৰো দাবী জনায় প্ৰতিবাদকাৰীয়ে ।

লখিমপুৰৰ লালুকত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল তিনিটাকৈ সংগঠন

author img

By

Published : Dec 2, 2020, 7:16 PM IST

নাওবৈচা, ২ ডিচেম্বৰ: দিল্লীত ধাৰাবাহিকভাৱে চলি থকা কৃষক বিদ্ৰোহে চিন্তাত পেলাইছে কেন্দ্ৰীয় চৰকাৰক । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষি আইনৰ বিৰোধিতাৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে জনতা । সাধাৰণ কৃষকৰ লগতে বিভিন্ন সংগঠনে কৃষক বিৰোধী আইনখন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

লখিমপুৰৰ লালুকত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল তিনিটাকৈ সংগঠন
লখিমপুৰৰ লালুকত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল তিনিটাকৈ সংগঠন

লখিমপুৰৰ লালুকতো বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । লালুকৰ বাছ আস্থানত শাসনাধিষ্ঠিত চৰকাৰে হাতত লোৱা উক্ত আইনসমূহৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰদৰ্শন কৰে । কেন্দ্ৰীয় চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী গ'বেগ, বিজেপি চৰকাৰ লেই লেই চেই চেই, নতুন কৃষক বিৰোধী আইন বাতিল কৰক, EIA 2020 বাতিল কৰক, কৃষকৰ উৎপাদিত শস্যৰ উপযুক্ত মূল্য দিয়ক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে কৃষি ক্ষেত্ৰ পুঁজিপতিৰ হাতত গতাই দিয়া চক্ৰান্ত বন্ধ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে । জনবিৰোধী আইনসমূহ বাতিল নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আন্দোলন ইয়াতকৈও অধিক তীব্ৰতৰ কৰি তোলাৰো হুংকাৰ দিয়ে সংগঠনকেইটাই ।

লগতে পঢ়ক:সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.