ETV Bharat / state

Protest by Krishak Mukti: প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক শান্তিৰে থাকিবলৈ নিদিয়াৰ হুংকাৰ - Asom Divas 2021

বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি চুকাফা দিৱস পালন(Sukapha Divas celebrations in Assam) কৰা সময়তে কৃষক মুক্ত সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি পালন কৰে প্ৰতিবাদী কাৰ্যসূচী(Krishak Mukti Sangram Samiti protest) ৷ নিত্যব্যৱহাৰ্য সামগ্ৰী(Daily used Goods)ৰ মূল্য শীঘ্ৰে হ্ৰাস কৰাৰ বাবে চৰকাৰক সকীয়নী সংগঠনটোৰ ৷

Krishak Mukti Sangram Samiti protest
লখিমপুৰত কৃষক মুক্তিৰ প্ৰতিবাদ
author img

By

Published : Dec 2, 2021, 10:25 PM IST

লখিমপুৰ, ২ ডিচেম্বৰ : নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট(Krishak Mukti Sangram Samiti protest) কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি চৰকাৰক শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী উত্থাপন কৰে ।

লখিমপুৰত কৃষক মুক্তিৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰি পেট্ৰ’ল-ডিজেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য শীঘ্ৰে হ্ৰাস নকৰিলে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক শান্তিৰে থাকিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে । তেওঁলোকে লগতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ দিন ধৰি অসমত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ কৰে ৷ তেওঁলোকে সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে বেহা-বেপাৰ সকলো বৃহৎ পুঁজিপতিক গতাই দি মূল্যবৃদ্ধিত অৰিহণা যোগোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৷

প্ৰতিবাদকাৰীসকলে অচিৰেই মূল্যবৃদ্ধি ৰোধ নকৰিলে বৃহৎ আন্দোলন গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়ানী দিয়ে । কৃষক মুক্তিৰ এই প্ৰতিবাদী কাৰ্যসূচীত লখিমপুৰ জিলা সমিতিৰ অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Price Hike in Assam : মূল্যবৃদ্ধিয়ে উলট-পালট লগাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.