ETV Bharat / state

অবিভক্ত গোৱালপাৰাক লৈ গঠিত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ মানি নলয় কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে

author img

By

Published : Dec 22, 2019, 8:42 PM IST

অবিভক্ত গোৱালপাৰা জিলাতেই দেশী জনগোষ্ঠীয় লোক সকলৰ মূল বসতি । ইয়াত কোচৰাজবংশী সকলৰ বসতি যিমান তাতকৈ দেশী জনগোষ্ঠীৰ বসতি অধিক। লগতে এনে ক্ষেত্ৰত দেশী জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ দিয়াটো চৰকাৰৰ আপত্তি ক’ত বুলি প্ৰশ্ন উত্থাপন কৰে দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে ।

সংবাদ মেল
সংবাদ মেল

গুৱাহাটী, 22 ডিচেম্বৰ: গণতান্ত্ৰিক প্ৰতিবাদৰ ফলত ৰাজ্য চৰকাৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিব । যাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনায় কোচ ৰাজবংশী জাতীয় মহাসভাই । দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে চৰকাৰৰ কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰে । ইয়াৰোপৰি কমতাপুৰ স্বায়ত্ব শাসিত এলেকাত কোচ ৰাজবংশী সকলৰ কৃষ্টি, সংস্কৃতি,ভাষা আদি সংৰক্ষণ কৰি ৰাখিব পৰাকৈ প্ৰকল্প নিৰ্মাণ কৰাৰ লগতে বিশ্ববিদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ দাবী জনায় । এই সংবাদমেলত "CAA" ক লৈও চৰকাৰৰ ওপৰত প্ৰশ্ন কৰে আক্ৰাছুৱে ।

গুৱাহাটী সংবাদ মেল

সমান্তৰালকৈ শনিবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদেও ধুবুৰীত এখন সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনায় ৷ আনহাতে কিছু সংখ্যক কোচ ৰাজবংশীৰ বাবে যদি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন হয় তেন্তে দেশী জনগোষ্ঠীয় লোক সকলৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে । অবিভক্ত গোৱালপাৰা জিলাতেই দেশী জনগোষ্ঠীয় লোক সকলৰ মূল বসতি । ইয়াত কোচৰাজবংশী সকলৰ বসতি যিমান তাতকৈ দেশী জনগোষ্ঠীৰ বসতি অধিক। লগতে এনে ক্ষেত্ৰত দেশী জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ দিয়াটো চৰকাৰৰ আপত্তি কত বুলি প্ৰশ্ন উত্থাপন কৰে দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে ।

ধুবুৰী সংবাদ মেল

নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ লগতে সমগ্ৰ দেশত প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে সৰ্বানন্দ চৰকাৰে কোনো ধৰণৰ তদন্ত নকৰাকৈ কোচৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ ফলত নামনি অসমত নতুনকৈ সংঘাতময় বাতাৱৰণৰ সৃষ্টি হব পাৰে বুলি আশংকা প্ৰকাশ কৰে সভাপতি এ এ এম এনামূল হকে।

নাৰায়নপুৰ সংবাদ মেল

আনহাতে নাৰায়ণপুৰত সংবাদমেল সম্বোধন কৰি সমগ্ৰ অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক সামৰি উপগ্ৰহীয় পদ্ধতিৰে স্বায়ত্ত্বশাসিত পৰিষদ প্ৰদানৰ দাবী জনায় সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে ৷ কেৱল অবিভক্ত গোৱালপাৰাক লৈ গঠিত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ মানি নলয় বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷

Intro:সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেট বৈঠকত অবিভক্ত গোৱালপাৰা জিলাক সামৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ধুবুৰী জিলাৰ বিভিন্ন সংগঠনৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। দেশী জনগোষ্ঠীয় সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ ঘোষণাৰ দাবী দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ।

Body: কোচ ৰাজবংশী লোক সকলে দীর্ঘ বছৰৰ পৰা পৃথক কমতাপুৰৰ দাবী উত্থাপন কৰি আহিছে। যদিওঁ শেহতীয়াকৈ সৰ্বানন্দ চৰকাৰৰ কেবিনেটে অবিভক্ত গোৱালপাৰা জিলাক সামৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নামনিৰ একাংশ সংগঠনত। আজি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ ফালৰ পৰা ধুবুৰীত এখন সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনায় যদিওঁ কিছু সংখ্যক কোচ ৰাজবংশী সকলৰ বাবে যদি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন হয় তেন্তে দেশী জনগোষ্ঠীয় লোক সকলৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে। দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে সংবাদমেল খনত লগতে কয়ঃ অবিভক্ত গোৱালপাৰা জিলাতেই দেশী জনগোষ্ঠীয় লোক সকলৰ মূল বসতি। ইয়াত কোচৰাজবংশী সকলৰ বসতি যিমান তাতকৈ দেশী জনগোষ্ঠীৰ বসতি অধিক। লগতে এনে ক্ষেত্ৰত দেশী জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ দিয়াটো চৰকাৰৰ আপত্তি কত বুলি প্ৰশ্ন উত্থাপন কৰে সংবাদমেলত।

আনহাতে নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ লগতে সমগ্ৰ দেশত প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে সৰ্বানন্দ চৰকাৰে কোনো ধৰণৰ তদন্ত নকৰাকৈ হঠকাৰী সিদ্ধান্তৰ দৰে কোচৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ ফলত নামনি অসমত নতুনকৈ সংঘাতময় বাতাৱৰণৰ সৃষ্টি হব পাৰে বুলি আশংকা প্ৰকাশ কৰে সভাপতি এ এ এম এনামূল হকে। লগতে অবিভক্ত গোৱালপাৰা জিলাত বেছি সংখ্যক দেশী জনগোষ্ঠীয় লোক সকলৰ বসতি আছে বুলি দাবী কৰি দেশী জনগোষ্ঠীয় লোক সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী উত্থাপন কৰে।

Byte:- এ এ এম এনামূল হক, সভাপতি, সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসম।

Conclusion:উল্লেখযোগ্য যে, এতিয়া চৰকাৰে দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ দাবীৰ প্ৰতি কেনে গুৰুত্ব প্ৰদান কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.