ETV Bharat / state

Junmoni Rabha death case: লখিমপুৰত তদন্ত অব্যাহত চিবিআইৰ - CBI Continued Investigation

তৃতীয় দিনৰ বাবেও লখিমপুৰত তদন্ত অব্যাহত ৰাখিছে চিবিআইৰ দলে ৷ মঙলবাৰৰ সন্ধ্যাৰ পৰা জিলাৰ আৱৰ্ত ভৱনত বাহৰ পাতি জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা চিবিআইৰ দলটোৰ একাংশই বৃহস্পতিবাৰে পুৱা লখিমপুৰ সদৰ থানাত উপস্থিত হৈ কিছু নথি-পত্ৰ পৰীক্ষা কৰে ৷

Junmoni Rabha Death Case CBI Investigation
জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত চিবিআইৰ
author img

By

Published : Jun 22, 2023, 4:37 PM IST

লখিমপুৰত তদন্ত অব্যাহত ৰাখিছে চিবিআইৰ দলে

লখিমপুৰ, 22 জুন: লখিমপুৰ সদৰ থানাত তদন্ত চিবিআই দলৰ ৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত চলাবলৈ আহি মঙলবাৰে সন্ধিয়াৰ পৰা লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি থকা চিবিআইৰ দলটোৱে বৃহস্পতিবাৰে পুৱা লখিমপুৰ সদৰ থানাত উপস্থিত হয় ৷ সদৰ থানাত উপস্থিত হ’লেও চিবিআইৰ দলে কোনো আৰক্ষী বিষয়াক জেৰা কৰা নাছিল বুলি জানিব পৰা গৈছে ৷ দলটোৱে সদৰ থানাৰ কিছু নথি-পত্ৰ পৰীক্ষা কৰে ৷ সদৰ থানাত চিবিআইৰ এই অভিযানৰ বিষয়ে বিশেষ একো তথ্য প্ৰকাশ নহ’লেও এক গোচৰৰ নথি-পত্ৰ পৰীক্ষা কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে ৷

বিশেষ কৈ সদৰ থানাত পঞ্জীয়ন হোৱা 183/2023 নম্বৰৰ গোচৰটোৰ তথ্য-পাতি চিবিআইয়ে পৰীক্ষা কৰা বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে এই গোচৰ সংক্ৰান্তত এজাহাৰ দাখিল কৰিছিল লখিমপুৰৰ বৰচলাৰ আমিনা খাতুন নামৰ মহিলা গৰাকীয়ে ৷ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাই ছয় মে’ৰ নিশা আহি গোচৰকাৰীৰ ঘৰত অভিযান চলাইছিল বুলি অভিযোগ কৰিছিল ৷ আমিনা খাতুনে এজাহাৰত জোনমণি ৰাভাৰ লগতে আন কেইবাজনৰ নাম উল্লেখ কৰিছিল ৷ তেওঁলোকে আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক আটক কৰি নিয়াৰ লগতে পিছদিনা ছয় লাখ টকাৰ বিনিময়ত এৰি দিছিল বুলি এজাহাৰত অভিযোগ তুলিছিল ৷ গোচৰটো পঞ্জীয়ন হ’লেও আৰক্ষীয়ে সেই সন্দৰ্ভত বিশেষ ব্যবস্থা লোৱা নাছিল ৷

এজাহাৰকাৰী আমিনা খাতুনৰ ভাষ্য ইতিমধ্যে চিবিআইৰ দলে গ্ৰহণ কৰিছে ৷ মঙলবাৰে জিলাখনত ভৰি থৈয়েই চিবিআইৰ দলটোৱে আমিনা খাতুনৰ ঘৰত উপস্থিত হৈ তেওঁৰ ভাষ্য গ্ৰহণ কৰে ৷ বুধবাৰৰ দিনটোত জোনমণি ৰাভাক তথ্য যোগান ধৰা হাচিনা বেগমসহ আমিনা খাতুনে জোনমণি ৰাভাক দিবলৈ টকা ধাৰ কৰা বুলি নাম উল্লেখ কৰা চাজিনা খাতুন, ৰজিবুল আদিক চিবিআইৰ দলে আৱৰ্ত ভৱনত জেৰা কৰে ৷ লগতে বঙালমৰা চকীৰ বিষয়া ৰাজকুমাৰ পেগু, লালুক থানাৰ চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থীক আদিকো আৱৰ্ত ভৱনতে সোধা-পোচা কৰে বুলি জানিব পৰা গৈছে ৷

বৃহস্পতিবাৰে বিয়লি পৰ্যন্ত চিবিআইৰ দলে কোনো লোকৰ ভাষ্য গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে ৷ বিপৰীতে সদৰ থানাত উপস্থিত হৈ গোচৰৰ নথি-পত্ৰ পৰীক্ষা কৰে ৷ উল্লেখ্য যে, দীর্ঘদিন ধৰি নকল সোণ, জালনোট চক্ৰৰ বিৰুদ্ধে সৰব হৈ অহা হাচিনা বেগমে বহু সময়ত অপৰাধীক ধৰাত আৰক্ষীক সহায় কৰি আহিছে ৷ জোনমণি ৰাভাকো তেৱেঁই তথ্য যোগান ধৰি অভিযান চলোৱাত সহায় কৰা বুলি ইতিমধ্যে নিজেই প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ হাচিনাই 19 পৃষ্ঠাৰ এখন অভিযোগ পত্ৰ প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে ৷ আৰক্ষী অথবা চিবিআইক তেওঁ এই অভিযোগ নামা প্ৰদান কৰিব ৷ এই পৰ্যন্ত তেওঁ এই অভিযোগ পত্ৰ খন চিবিআইক দাখিল কৰিলে নে নাই সেইয়া নিশ্চিত হব পৰা নাই ৷ চিবিআইৰ তদন্তৰ দোহাই দি হাচিনাই এই সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে ৷ হাচিনাই প্ৰস্তুত কৰা 19 পৃষ্ঠা জোৰা অভিযোগ পত্ৰত আৰক্ষী বিষয়া, সাংবাদিকসহ 17 জন ব্যক্তিৰ নাম আছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত চিবিআইয়ে পদক্ষেপ ল’লে জিলাখনত চিবিআইৰ অভিযান কিছু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: Assam flood news: চত্ৰং নদীৰ মথাউৰি ছিগি জলমগ্ন গহপুৰ নগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.