ETV Bharat / state

Junmoni Rabha death case: লখিমপুৰত উপস্থিত চিবিআইৰ দল

নগাঁৱৰ পাচত এইবাৰ লখিমপুৰত উপস্থিত হ’ল চিবিআইৰ দল । মঙলবাৰে বিয়লি চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত বিয়লি চাৰিমান বজাত লখিমপুৰত উপস্থিত হোৱা দলটোৱে পোনে পোনে জিলাখনত প্ৰৱেশ কৰিয়েই বৰচলাৰ আমিনা খাতুনৰ ঘৰত অভিযান চলায় ।

junmoni rabha death case
লখিমপুৰত উপস্থিত হ’ল চিবিআইৰ দল
author img

By

Published : Jun 20, 2023, 6:23 PM IST

Updated : Jun 20, 2023, 9:38 PM IST

লখিমপুৰত উপস্থিত হ’ল চিবিআইৰ দল

লখিমপুৰ, ২০ জুন : নগাঁৱৰ পাছত লখিমপুৰত উপস্থিত চিবিআইৰ দল । প্ৰয়াত জোনমণি ৰাভাৰ বিৰুদ্ধে আমিনা খাতুনে তৰা গোচৰৰ কৰিব অনুসন্ধান । জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ তদন্ত কৰিবলৈ অহা চিবিআইৰ দলে নগাঁৱত কেইবাদিন ধৰি তদন্ত কৰাৰ পাছত মঙলবাৰে বিয়লি চাৰিমান বজাত আহি লখিমপুৰত উপস্থিত হয় । চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত অহা দলটোৱে পোনে পোনে জিলাখনৰ বৰচলাৰ আমিনা খাতুনৰ ঘৰত উপস্থিত হৈ অভিযান চলায় ৷

অভিযান চলাই পাচত সন্ধ্যাৰ পূৰ্বে লখিমপুৰ আৱৰ্ত ভৱনত উপস্থিত হয় চিবিআইৰ দল । চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত অহা আঠজনীয়া দলটোৱে মঙলবাৰে বিয়লি চাৰিমান বজাত জিলাখনত ভৰি থৈয়েই পোনে পোনে উপস্থিত হয় নাওবৈচা বৰচলাৰ আমিনা খাতুনৰ ঘৰত । আমিনা খাতুনৰ লগতে তেওঁ ৰ পুত্ৰ আজগৰ আলিক সোধাপোচা কৰি চিবিআইৰ দলটো লখিমপুৰ আৱৰ্ত ভৱনত উপস্থিত হয় । উল্লেখ্য আৱৰ্ত ভৱনত বাহৰ পাতি চিবিআইৰ দল টোৱে জিলা খনত জোনমনি ৰাভাৰ মৃত্যু ঘটনাৰ তদন্ত চলাব । স্মৰ্তব্য যে চিবিআইৰ তদন্তৰ আওতালৈ প্ৰথমে দুগৰাকী মহিলা অহাৰ সম্ভাৱনা অধিক । এই দুগৰাকী মহিলা হৈছে হাচিনা বেগম আৰু আমিনা খাতুন ।

উল্লেখ্য যে, নগাঁৱত CBI ৰ দলটোৱে আৰক্ষী বিষয়াক জেৰা কৰি কৰা তদন্তৰ দৰে লখিমপুৰত আৰক্ষী বিষয়াক জেৰা কৰাৰ সম্ভাৱনা নাই । কিয়নো নকল সোণ, জাল নোট আদি অবৈধ বেহাৰ সৈতে পৰোক্ষভাৱে ভাৱে নাম উচ্চাৰিত হোৱা আৰক্ষী বিষয়া এজনো বৰ্তমান জিলাখনত নাই । তেওঁলোকক ইতিমধ্যে জিলাখনৰ পৰা বদলি কৰা হৈছে । ইয়াৰ বিপৰীতে এটা গোচৰৰ তদন্তৰ বাবে আমিনা খাতুনৰ লগতে হাচিনা বেগম নামৰ মহিলা গৰাকীকো জেৰা কৰাৰ সম্ভাৱনা আছে । কিয়নো জোনমণি ৰাভাৰ মৃত্যু ঘটনাত লখিমপুৰৰ নাম দীর্ঘদিন ধৰি সাঙোৰ খাই আছে ।

নকল সোণ, নকল টকাৰ বিৰুদ্ধে লখিমপুৰলৈ আহি অভিযান চলাই যোৱাৰ পাচতে জোনমণি ৰাভাই ৰহস্য জনক মৃত্যুক সাৱটি ল’ব লগা লয় । এই সমগ্ৰ ঘটনা প্ৰবাহত পাৰ্শ্বচৰিত্ৰ ৰূপে নাম চৰ্চিত হয় হাচিনা বেগম, আমিনা খাতুনৰ । হাচিনা বেগমে জিলাখনত অবৈধ বেহাৰ তথ্য দি জোনমণি ৰাভাক অভিযান চলোৱাৰ সুবিধা কৰি দিয়া বুলি প্ৰকাশ পোৱাৰ বিপৰীতে আমিনা খাতুনে আকৌ ধন দাবী, মাৰপিট আদি অভিযোগ লৈ জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ তৰিছিল ।

উল্লেখ্য যে, জিলাখনৰ দুই নং বৰচলা নিবাসী আবাচ আলিৰ পত্নী আমিনা খাতুনে জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বেই তেওঁৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত গোচৰ তৰিছিল । তেওঁ জোনমণি ৰাভাৰ লগতে বিহপুৰীয়াৰ গোহাঁই দলনী নিবাসী নূৰ মহম্মদ কালিয়া, এক নং আহমেদপুৰৰ আজিমুদ্দিন আলি, আহমেদপুৰৰ মোস্তাক আহমেদ, পাভ চাৰিআলিৰ মুক্তাৰ হুছেইন ওৰফে মাইনা, এক নং বৰচলাৰ আতাবুৰ ৰহমান আৰু মহঘুলিৰ গুলজাৰ হুছেইন আৰু খলিলুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এজাহাৰত আমিনা খাতুনে অভিযোগ উত্থাপন কৰি উল্লেখ কৰে যে যোৱা ছয় মে’ৰ নিশা দুই মান বজাত জোনমণি ৰাভা আৰু লগত অহা দলটোৱে তেওঁৰ ঘৰত সোমাই তেওঁৰ পুত্ৰ আজগৰ আলিক মাৰধৰ কৰি তেওঁৰ পত্নীৰ পৰা ৮০ হেজাৰ টকাৰ লগতে ভোটাৰ কাৰ্ড, পান কাৰ্ড, সোণৰ কাণফুলি কাঢ়ি লৈ যোৱাৰ উপৰি আজগৰ আলিক চোঁচৰাই লৈ যায় ।

ইয়াৰোপৰি আমিনা খাতুনৰ ডাঙৰ পুত্ৰ আহমেদ আলিৰ মাৰুতি ব্ৰীজা গাড়ীখনো দলটোৱে লৈ যায় আৰু পিছদিনা পুৱা গহপুৰৰ অৰুণাচল বাইপাচত ছয় লাখ টকা আদায় দিবলৈ কৈ যায় । পিছদিনা আমিনা খাতুনে ছয় লাখ টকা আদায় দিয়াৰ পাচত তেওঁলোকৰ গাড়ীসহ আজগৰ আলিক এৰি দিয়ে বুলি এজাহাৰখনত উল্লেখ কৰে । আদায় দিয়া টকাখিনিৰ ভিতৰত ৮০ হেজাৰ টকা ৰিয়াজুল ইছলাম ৰ ৮৬৩৮৫৩৭৫২০ নম্বৰৰ ইউপিআই আইডিৰ জৰিয়তে আদায় দিয়াৰ লগতে উক্ত টকা লোৱাৰ কথা সদৰী কৰিলে গুলীয়াই মৰা নহ’লে আজীৱন জেলত ভৰাই থোৱাৰ ভাবুকি দিয়ে বুলি আমিনা খাতুনে এজাহাৰখনত অভিযোগ তুলিছিল ।

গোচৰটো সন্দৰ্ভত তেতিয়া আৰক্ষীয়ে বিশেষ পদক্ষেপ নল’লে আৰু তাৰ কেইদিনমানৰ পাছতে জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে মৃত্যু হয় । জোনমণি ৰাভাৰ মৃত্যুৰ পাচতো এই গোচৰটোৱে বিশেষ অগ্ৰগতি লাভ নকৰিলে । সম্প্ৰতি চিবিআইৰ দলে লখিমপুৰত আমিনা খাতুনৰ এই গোচৰটোৰ আঁত ধৰিয়েই জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ তদন্ত আগবঢ়াব বুলি ধাৰণা কৰা হৈছে । আজি চিবিআইৰ দলটো জিলাখনত উপস্থিত হৈয়েই আমিনা খাতুন আৰু তেওঁৰ পুত্ৰ আজগৰ আলিক জেৰা আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Junmoni Rabha death case: জোৰদাৰ গতিত চলিছে চি বি আইৰ তদন্ত; ভেদ হ’বনে ৰহস্য !

Last Updated : Jun 20, 2023, 9:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.