বিহপুৰীয়া,10 নৱেম্বৰ: লখিমপুৰৰ নাৰায়ণপুৰত মঙলবাৰে মুকলি কৰা হয় অসম জাতীয় পৰিষদৰ এক কাৰ্যালয় ৷ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক আহ্বায়ক অচ্যুত শইকীয়া ৷ বিভিন্ন মাংগলিক কাৰ্যসূচীৰে নাৰায়ণপুৰৰ মাজমজিয়াত মুকলি কৰা কাৰ্যালয়টো দলটোৰ বিহপুৰীয়া সমষ্টিৰ মুখ্য কাৰ্যালয় হিচাপে পৰিচিত হ’ব ৷
চলিত মাহৰ ভিতৰতে ২০ খন গাঁও পঞ্চায়তৰে গঠিত সমষ্টিটোৰ প্ৰতিখন পঞ্চায়ততে আঞ্চলিক সমিতি গঠন কৰা হ’ব ৷ কাৰ্যালয়টো মুকলি কৰাৰ পিছতে দিনৰ ভাগত সভাকক্ষত দলীয় নেতা-কৰ্মীসকলে এক সভা অনুষ্ঠিত কৰে ৷ প্ৰদীপ বৰাই আঁত ধৰা সভাখনত দলটোৰ ৰাজ্যিক আহ্বায়কদ্বয় ক্ৰমে হৰেন চুতীয়া, অচ্যুত শইকীয়া, লখিমপুৰ জিলাৰ আহ্বায়ক বিজয় দেউৰী, হীৰেণ বুঢ়াগোঁহাই, অজিত বুঢ়াগোঁহাই আৰু মাণিক বৰুৱাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ৷
লগতে চাওকঃ মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা