লখিমপুৰ, 21 মে': নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজ্যৰ মহিলা সকলৰ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ চৰকাৰে পৰিশোধ কৰিব বুলি ঘোষণা কৰি এতিয়া কেৱল সুতহে ৰেহাই দিয়াৰ কথা ঘোষণা কৰাত আন্দোলনৰ হুংকাৰ দিছে ৰাজ্যৰ ঋণগ্ৰস্ত মহিলা সকলে। নিৰ্বাচনৰ সময়ত বিভিন্ন সভা সমিতিত হিমন্ত বিশ্ব শৰ্মাই ক্ষমতালৈ আহিলে মহিলাসকলৰ ঋণ পৰিশোধ কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু চৰকাৰৰ গাদী দখলৰ পাচতে কথাৰ সুৰ সলোৱাত ক্ষোভিত হৈ পৰিছে মহিলাসকল ৷
লখিমপুৰত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰি জাগ্রত নাৰী শক্তি নামৰ মহিলাৰ সংগঠনটোৱে চৰকাৰৰ এনে সিদ্ধান্তক ধিক্কাৰ দিয়ে। চৰকাৰৰ পূৰ্বৰ আশ্বাস পাই বহু মহিলাই ডেৰ বছৰে ঋণ পৰিশোধ কৰা নাই আৰু চৰকাৰৰ বৰ্তমানৰ স্থিতিয়ে সেইসকল মহিলাক বিপদত পেলোৱা বুলি সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰে।
চৰকাৰে এই সন্দৰ্ভত পুনৰ বিবেচনা নকৰিলে ঋণগ্ৰস্ত মহিলা সকলে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে চৰকাৰে প্ৰতিবাদ দমন কৰিবলৈ গ'লে মহিলা সকলে ইচ্ছা মৃত্যু দাবী কৰিব বুলি সংবাদমেল যোগে চৰকাৰক সতৰ্ক কৰি দিয়ে।