লখিমপুৰ, ২৮ জুন : বহু বিতৰ্কিত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জলস্তৰ (Water level increased in NHPC Dam)। মাথো কেইদিনমানৰ পূৰ্বে নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পৰ পানী উপচি পৰি বাগৰি অহাৰ ফলত নামনিৰ দিশত প্ৰৱল বানৰ সূচনা হৈছিল । সম্প্ৰতি পুনৰ তেনে দুৰ্যোগৰ অশনি সংকেত প্ৰকাশ পাইছে । কিয়নো প্ৰকল্পটোৰ ভয়ংকৰ ৰূপত জলস্তৰ বৃদ্ধি হৈছে ।
পৰিস্থিতি একেই থাকিলে অচিৰেই প্ৰকল্পৰ পৰা উপচি উঠা পানী বাগৰি আহি নামনিত জল প্ৰলয়ৰ সূচনা কৰাৰ সম্ভাৱনাই দেখা দিছে । ইফালে বৃহৎ ফাঁট মেলিছে NHPC অসমৰ নামনি অংশত (Crack in NHPC Dam)। অসমৰ ফালৰ সুৰংগৰ সন্মুখত বৃহৎ ফাঁট মেলিছে । যি পথেৰে শ্ৰমিক, তথা বাহন আহ-যাহ কৰে সেই পথত এই বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে ৷ যিহেতু পাহাৰ খহি শ্ৰমিক আহ-যাহ কৰাৰ এটা পথ বন্ধ হোৱাৰ পিছত এই সুৰংগটোৰ ভিতৰেদি আহ-যাহ কৰে শ্ৰমিকসকলৰ লগতে বাহনসমূহ ।
এতিয়া এই সুৰংগটোত ফাঁট মেলাত শ্ৰমিক তথা ৰাইজ শংকিত হৈ পৰিছে । উল্লেখ্য যে, মাথো কেইমাহমানৰ পাছতে প্ৰকল্পটোত শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে । মুকলি হোৱাৰ পূৰ্বেই এতিয়া এনেদৰে প্ৰকল্পটোত দুৰ্যোগ সৃষ্টি হোৱাত ৰাইজৰ মাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (NHPC dam in Lakhimpur)।
উল্লেখ্য যে, মুঠ ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈ ২০০৬ চনতে নিৰ্মাণৰ কাম আৰম্ভ হোৱা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথম ইউনিটটোৰ উৎপাদন চলিত বৰ্ষৰ আগষ্ট মাহৰ মাজভাগত আৰম্ভ হ’ব বুলি ২০২১ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰিছিল নেশ্বনেল হাইড্ৰ’ পাৱাৰ কৰ্পৰেচনৰ(National Hydroelectric Power Corporation) অধ্যক্ষ তথা পৰিচালন সঞ্চালক অভয় কুমাৰ সিঙে ।
লগতে পঢ়ক : NHPC ত জল স্ৰোতৰ শিহৰণকাৰী দৃশ্য: বান্ধৰ ওপৰেৰে বাগৰিছে পানী