ETV Bharat / state

নথিপত্ৰ অবিহনেই আন্তঃজিলা যাতায়তেৰে চলি আছে মাছৰ পোনাৰ ব্যৱসায় - inter district transportation

কৰ’ণাৰ বাবে ৰাজ্য়ত বান্ধি দিয়া হৈছে সান্ধ্য আইন ৷ বন্ধ কৰা হৈছে আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷ তাৰ মাজতো নথি পত্ৰ অবিহনে চলি আছে মাছৰ পোনাৰ ব্য়ৱসায় ৷

নথিপত্ৰ অবিহনেই আন্তঃজিলা যাতায়তেৰে চলি আছে মাছৰ পোনাৰ ব্যৱসায়

author img

By

Published : May 23, 2021, 9:50 PM IST

বিহপুৰীয়া, 23 মে': ধোঁৱাচাঙত উঠিছে ৰাজ্য চৰকাৰৰ ক’ভিড-19 ৰ নীতি নিৰ্দেশনা ৷ সান্ধ্য আইনৰ সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে বহিঃজিলাত চলাইছে পোনা মাছৰ ব্যৱসায় ৷ আৰক্ষীক মেনেজ কৰি কোনো ধৰণৰ নথি পত্ৰৰ অবিহনেই ৰঙিয়াৰ পৰা কেইবাখনো জিলা পাৰ হৈ লখিমপুৰত দৈনিক প্ৰৱেশ কৰে শ শ পোনা ভৰ্তি পিক আপ ভান ৷

নথিপত্ৰ অবিহনেই আন্তঃজিলা যাতায়তেৰে চলি আছে মাছৰ পোনাৰ ব্যৱসায়

দেওবাৰৰ দিনটোতো সান্ধ্য আইনৰ সময়ত দেখা গ'ল এনে পোনা মাছ ভৰ্তি বাহন ৷ কেইবাখনো জিলা পাৰ হৈ লখিমপুৰ জিলাত প্ৰৱেশ কৰি আহিছে এনে ব্যৱসায়িক পিক আপ বাহনসমূহ ৷ আৰক্ষী সন্মুখেৰেই পাৰ হৈ যোৱা এই বাহনসমূহ দেখিও আৰক্ষীয়ে নিৰৱ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

সাংবাদিকৰ প্ৰশ্নত সান্ধ্য আইনৰ সময়ত চোৰাং ব্যৱসায় চলাই অহা এইসকল পোনা মাছৰ ব্যৱসায়ীয়ে কিন্তু কোনো ধৰণৰ নথি পত্ৰ নথকাকৈয়ে বিভিন্ন জিলা পাৰ হৈ ব্যৱসায় চলাই থকাৰ কথা স্বীকাৰ কৰে ৷

লগতে পঢ়ক : বজাৰ নাই : খেতিতে গেলিছে বিঘাই বিঘাই তৰমুজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.