ETV Bharat / state

ভাৰতৰ বৈদেশিক নীতিক কিয় সমালোচনা কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে ?

author img

By

Published : Nov 2, 2021, 3:40 PM IST

ভাৰতৰ ভূল বৈদেশিক নীতিৰ বাবেই শত্ৰু ৰাষ্ট্ৰ চীনে প্ৰায়ে ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ কৰি আহিছে । এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ । কিহৰ ভিত্তিত সংগঠনটোৱে ভাৰতৰ বৈদেশিক নীতিক সমালোচনা কৰিলে ?

HYCP press meet
ভাৰতৰ বৈদেশিক নীতিক কিয় সমালোচনা কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে

লখিমপুৰ,২ নৱেম্বৰ : লখিমপুৰত পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল হিন্দু যুৱ ছাত্ৰ পৰিষদ । এইবাৰ ভাৰতৰ বৈদেশিক নীতিক (India's foreign policy) সমালোচনা কৰিলে সংগঠনটোৱে । সংগঠনটোৰ মতে ভাৰতৰ ভুল বৈদেশিক নীতিৰ বাবেই ৰঙা চীনে ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ বাবে সুযোগ গ্ৰহণ কৰিছে । ভূটানত অৱস্থান কৰি উগ্ৰবাদীক শক্তিশালী কৰি ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰত চীন লিপ্ত হোৱাৰ অভিযোগ সংগঠনটোৰ ।

লখিমপুৰত সংবাদমেলযোগে পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যই কয় যে ২০০১ চনত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈয়ে “অল ক্লিয়াৰ” অপাৰেশ্যনৰ জৰিয়তে ভূটানৰ ভূমিৰ পৰা আলফাকে ধৰি বিভিন্ন উগ্রপন্থীৰ ঘাটি উচ্ছেদৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ বিচ্ছিন্নতাবাদী উগ্রপন্থী সংগঠনসমূহৰ ৰাজহাড় ভাঙি পেলাই অসমক উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ চেষ্টা চলাইছিল ।

যাৰ বাবে উগ্ৰপন্থীৰ সমস্যাও কিছু পৰিমাণে সুস্থিৰ হৈছিল । সংগঠনটোৰ মতে এতিয়া প্রায় ২০ বছৰৰ অন্তত পুনৰ ভূটানত উগ্ৰপন্থীৰ ঘাটি স্থাপনৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্ব্বাঞ্চলক অস্থিৰ কৰাৰ এক ব্লু প্রিন্ট ৰচনা কৰিছে উগ্ৰপন্থীয়ে । তেওঁলোকৰ মতে ইয়াৰ অন্তৰালত আছে ৰঙা চীন । পৰিষদৰ কেন্দ্রীয় সভাপতিয়ে কয় যে ভাৰতৰ ভুল বৈদেশীক নীতিৰ বাবেই শ্রীলংকা, নেপাল, ম্যানমাৰ, বাংলাদেশৰ লগতে ভূটানতো চীনে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ভূটানত নিজৰ প্ৰভাৱ বৃদ্ধি কৰিয়ে চীনে ভাৰতৰ লগত ভূটানৰ ব্যৱধান বঢ়াই তুলিছে ।

আনকি কৰ'ণাৰ গইনা লৈ ভূটানত ভাৰতীয় লোকৰ প্ৰৱেশ এতিয়াও বন্ধ কৰি ৰাখিছে । অথচ নিতৌ ভাৰতৰ পৰা শ শ বনুৱা লৈ গৈ ভূটানে আন্তঃগাঁঠনিৰ কামত নিয়োগ কৰি আছে । যদি কৰ'ণাৰ বাবেই ভাৰতীয় লোকক প্রৱেশত বাধা দিয়া হৈছে তেনেহলে ভাৰতৰ পৰা শ্রমিক কিয় লৈ যোৱা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰি বৈশ্যই কয় যে চীনে ৰচনা কৰা কূটনৈতিক অভিসন্ধিৰ ৰহস্য পোহৰলৈ আহিব বুলিয়ে ভাৰতীয় লোকক ভূটানত প্ৰৱেশত বাধা দিয়া হৈছে ।

বৈশ্যই লগতে কয় যে টাইৱানক লৈ আমেৰিকা আৰু চীনৰ মাজত চলি থকা শীতল যুদ্ধৰ পোতক তোলাৰ বাবে চীনে ভাৰতক লক্ষ্য কৰি লৈছে আৰু সেই উদ্দেশ্যে ভূটানত ভাৰত বিৰোধী শক্তিসমূহক আশ্রয় প্ৰদান কৰি ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ সুবিধা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে । চীনৰ এই পৰিকল্পনাত অসমৰ উগ্ৰপন্থী সংগঠনসমূহে সহমত প্ৰকাশ কৰাৰ উপৰিও অসমৰ একাংশ বাওঁপন্থী ৰাজনৈতিক নেতা আৰু বুদ্ধিজীৱিয়ে পৰিকল্পনা সফল কৰাৰ বাবে উঠি পৰি লাগিছে বুলিও বৈশ্যই অভিযোগ কৰে । আনকি অসমত দীর্ঘদিনে শাসনত থকা এটা সৰ্ব্বভাৰতীয় ৰাজনৈতিক দলেও এতিয়া এই ষড়যন্ত্ৰত ভৰি দিছে বুলি পৰিষদৰ নেতাজনে আন এক অভিযোগ উত্থাপন কৰে ।

সংবাদমেলত বৈশ্যই কয় যে কেন্দ্ৰীয় চোৰাংচোৱাৰ হাতত হয়তো এই সকলো তথ্য আছে । ইতিমধ্যে চীন-ভূটানৰ মাজত ৮ খনকৈ বৈঠক অনুস্থিত হোৱা বুলিও বৈশ্যই দাবী কৰে । কিন্তু ইয়াৰ প্ৰতিৰোধ ভাৰতে কি দৰে সম্ভৱ কৰি তোলে সেয়াহে লক্ষণীয় হ'ব । ইতিমধ্যে চীনৰ এই ষড়যন্ত্ৰৰ সম্পূৰ্ণ সুবিধা ল'বলৈ জেহাদী সংগঠনসমূহেও অপেক্ষা কৰি আছে বুলি বৈশ্যই উল্লেখ কৰি কয় যে এনে হ'বলৈ হ'লে অতি সোনকালে অসমকে ধৰি উত্তৰ-পূৱৰ প্ৰতি ভয়াৱহ দিন নামি আহিব ।

লগতে পঢ়ক :আজি ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.