ETV Bharat / state

গ্ৰাম্যাঞ্চলৰ লোকক অকলেই সজাগ কৰি ফুৰিছে এজন স্বাস্থ্যকৰ্মীয়ে - corona awareness

কৰ'ণাৰ আতংকৰ পৰা ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে এগৰাকী স্বাস্থ্যকৰ্মীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কৰ'ণা মহামাৰীৰ বাবে ৰাইজ যাতে আতংকিত নহৈ সজাগ হয় তাৰ বাবে গাঁৱে গাঁৱে অকলেই প্ৰচাৰ চলাইছে এইগৰাকী স্বাস্থ্যকৰ্মীয়ে ৷

heath worker trying to aware people about corona virus

author img

By

Published : Apr 1, 2020, 3:52 PM IST

Updated : Apr 2, 2020, 9:13 PM IST

লখিমপুৰ, 1 এপ্ৰিল : বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৷ অসমতো মঙলবাৰে চিনাক্ত হৈছে প্ৰথমগৰাকী কৰ'ণাত আক্ৰান্ত ব্যক্তি ৷ যাৰ বাবে চাৰিওফালে এতিয়া ক'ৰণা ভাইৰাছৰ আতংক। কিন্তু এই ৰোগৰ ক্ষেত্ৰত সচেতন হৈছে অসমৰ প্ৰায় সংখ্যক লোক ৷

গ্ৰাম্যাঞ্চলৰ লোকক অকলেই সজাগ কৰি ফুৰিছে এজন স্বাস্থ্যকৰ্মীয়ে

লখিমপুৰ জিলাৰ পৰা নিজামুদ্দিন দৰগাহত অনুষ্ঠিত তবলিগ-ই-জামাতলৈ যোৱা ৪ জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিচত এতিয়া অধিক শংকিত হৈছে জনসাধাৰণ । তাৰ মাজতে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বিভিন্ন গাঁৱত অকলেই সজাগতা অভিযান চলাইছে চিকিৎসাকৰ্মী অৰূপ হাজৰিকাই । গাঁৱৰ প্ৰতিঘৰৰ পদুলিৰ পৰা গৃহস্থক বুজাইছে কেনেদৰে আমি সজাগতাৰ জৰিয়তে কৰ'ণা ভাইৰাছৰ পৰা আতৰি থাকিব পাৰো । কেনেদৰে হাত ধুব লাগে, কেনেকৈ পৰিস্কাৰ হৈ থাবিক লাগে আদি বিভিন্ন দিহা-পৰামৰ্শ দিছে চিকিৎসা কৰ্মীজনে । বিহপুৰীয়াৰ ৫ খনতকৈ অধিক গাঁৱৰ ৰাইজৰ মাজত চলোৱা স্বাস্থ্যকৰ্মী অৰূপৰ আশা গাঁৱৰ ৰাইজক সজাগ সচেতন কৰিব পাৰিলে গ্ৰাম্যাঞ্চল সুৰক্ষিত হৈ থাকিব । যুৱ চিকিৎসাকৰ্মী অৰূপৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে বিভিন্নজনে ৷

লগতে পঢ়ক : কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

Last Updated : Apr 2, 2020, 9:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.