ETV Bharat / state

মৰণত শৰণ দি বিপদ সংকুল যাত্ৰা ঢকুৱাখনাৰ এটা অঞ্চলৰ ৰাইজৰ - DHAKUAKHANA

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ আঁচনিয়ে স্পৰ্শ কৰিবনে অসমৰ গ্ৰাম্য অঞ্চল ? নিৰ্বাচন আহিলেহে ভোটাৰলৈ মনত পৰা ৰাজনৈতিক নেতাসকলৰ দৃষ্টি পৰিবনে ঢকুৱাখনালৈ ৷ দুবছৰেও মেৰামতি নহ'ল গুৰুত্বপূৰ্ণ বৰদৈবাম তিনিআলিৰ পৰা ঐতিহ্যমণ্ডিত বাসুদেৱ থান সংযোগী গড়কাপ্তানী পথটোৰ দলংখনৰ ৷

BRIDGE
author img

By

Published : Apr 2, 2019, 1:08 PM IST

ঢকুৱাখনা ,02 এপ্ৰিলঃৰাজ্যত পৰিৱৰ্তন হ'ল চৰকাৰ,পৰিৱৰ্তন হল মন্ত্ৰী-বিধায়ক, কিন্তু পৰিৱৰ্তন নহ'ল ঢকুৱাখনাৰ যাতায়ত ব্যৱস্থাৰ । মৰণত শৰণ দি ভঙা দলঙেৰে বিপদ সংকুল যাতায়ত ঢকুৱাখনাবাসী ৰাইজৰ । প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ দীৰ্ঘদিনীয়া অপশাসনক উফৰাই ঢকুৱাখনা ৰাইজে ঢকুৱাখনালৈ আনিছিল ৰাজনৈতিক পৰিৱৰ্তন । ঢকুৱাখনা সমষ্টিৰ বিধায়ক হ'ল মন্ত্ৰী নৱ দলে। কিন্তু নহ'ল বাট-পথহে ৷

উন্নয়নকামী চৰকাৰ বনাম দুবছৰেও মেৰামতি নোহোৱা এখন দলং

দুই বছৰৰ পূৰ্বে প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল ঢকুৱাখনাৰ বৰদৈবাম তিনিআলিৰ পৰা ঐতিহ্যমণ্ডিত বাসুদেৱ থান সংযোগী গড়কাপ্তানী পথটোৰ গা-দাঙৰ চুকত থকা দলংখনৰ দুয়োটা মূৰ ৷ বানে দলংখন উটুৱাই নিয়াৰ পাচতে তৎকালীন ভাৱে দলংখন মেৰামতিৰ প্ৰতিশ্ৰুতি দিছিল বিধায়ক নৱ দলেই ৷ কিন্তু প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰিলে বিধায়ক গৰাকীয়ে ৷ ফলত বৰ্তমানেও দলংখনেৰে বিপদসংকুল যাতায়ত কৰি আহিছে পথটোৰে অহা যোৱা কৰা যাত্ৰীসকলে ৷ বহু সময়ত দলংখনেৰে পাৰাপাৰ হওঁতে কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে ৷ অঞ্চলবাসীৰ বাবেবাৰিষাৰ সময়ত নাওখনেই হৈ পৰে একমাত্ৰ ভৰষা ৷ ঢকুৱাখনাৰ এক গুৰুত্বপূৰ্ণ পৰ্যটনথলী হিচাপে বিবেচিত বাসুদেৱ থানলৈ যোৱা এই পথটোৰ এনে দুৰৱস্থাত ক্ষোভিত হৈছে ঢকুৱাখনাৰ সচেতন লোক ৷

Intro:ৰাজ্যত পৰিবৰ্তন হল চৰকাৰ,পৰিৱৰ্তন হল মন্ত্ৰী-বিধায়ক।কিন্তু পৰিবৰ্তন নহল ৰাইজৰ উন্নয়নৰ।কাৰণ ২১ শতিকাতো মৰনত শৰণ দি ভঙা দলঙেৰে বিপদ শংকুল যাতায়ত কৰিছে ঢকুৱাখনা ৰাইজে।চাও আহক আমাৰ এক প্ৰতিবেদন। প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ দীৰ্ঘদিনীয়া অপশাসনক উফৰাই ঢকুৱাখনা ৰাইজে ঢকুৱাখনালৈ আনিলে ৰাজনৈতিক পৰিবৰ্তন।ঢকুৱাখনা সমষ্টিৰ বিধায়ক হল মন্ত্ৰী নৱ দলে।কিন্তু ঢকুৱাখনা লৈ নাহিল উন্নয়নৰ পৰিবৰ্তন।Body:প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ দীৰ্ঘদিনীয়া অপশাসনক উফৰাই ঢকুৱাখনা ৰাইজে ঢকুৱাখনালৈ আনিলে ৰাজনৈতিক পৰিবৰ্তন।ঢকুৱাখনা সমষ্টিৰ বিধায়ক হল মন্ত্ৰী নৱ দলে।কিন্তু ঢকুৱাখনা লৈ নাহিল উন্নয়নৰ পৰিবৰ্তন।

এই দৃশ্য ঢকুৱাখনাৰ বৰদৈবাম তিনিআলিৰ পৰা ঐতিহ্যমণ্ডিত বাসুদেৱ থান সংযোগী গড়কাপ্তানী পথটোৰ।বিগত দুই বছৰৰ পূৰ্বে প্ৰলয়ঙ্কাৰী বানে মহতিয়াই নিছিল পথটোৰ গা-দাঙৰ চুকত থকা এই দলং খনৰ দুয়োটা মূৰ।বানে মহতিয়াই নিয়াৰ পিছতেই সেই দৃশ্য পৰিদৰ্শন কৰি তৎকালীন ভাৱে মেৰামতিৰ কৰা আশ্বাস দিছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেই।কিন্তু আজিকোপতি মেৰামেতিৰ কাম হাতত নলেলে বিধায়ক জনে।ফলত এইদৰেই বিপদ শংকুল যাতায়ত কৰি আহিছে সাধাৰণ জনতাই।বহু সময়ত এই দলঙেৰে পাৰাপাৰ হওঁতে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা।ইফালে বাৰিষাৰ সময়ত এক মাত্ৰ নাৱৰে দুৰ্বিসহ যাতায়ত কৰিব লগীয়া পৰিস্থিতি উদ্ভৱ হয়।বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী,ৰোগীৰ যাতায়তৰ এনে দুৰ্ভোগ দেখিও মন্ত্ৰী নৱ দলেই এই গুৰুত্ব পূৰ্ণ পথটোৰ দলং খন নিৰ্মাণত কিয় গুৰুত্ব দিয়া নাই সেয়া সকলোৱে বাবে অবুজ সাঁথৰ হৈ পৰিছে।ইফালে ঢকুৱাখনাৰ এক গুৰুত্বপূৰ্ণ পৰ্যটন থলী হিচাপে বিবেচিত বাসুদেৱ থানলৈ যোৱা এই পথটোৰ এনে দুৰৱস্থাত ক্ষোভিত হৈছে ঢকুৱাখনাৰ সচেতন লোক।সেয়ে এইবাৰ নিৰ্বাচন ইয়াৰ পুতক তুলিবলৈ সাজু এই সকল লোক।Conclusion:Byte:স্থানীয় লোক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.