লখিমপুৰ,3 জানুৱাৰী: লখিমপুৰৰ বগীনদীত সংঘটিত হৈছে এটি অপহৰণৰ ঘটনা ৷ বগীনদীৰ টাদাং চাপৰিত তিনি যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে কিশোৰী অপহৰণৰ অভিযোগ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বছৰৰ প্ৰথম দিনটোতে বগীনদী থানাৰ অন্তৰ্গত কদম ৰাজহ চক্ৰৰ অন্তৰ্গত টাদাং চাপৰিত এগৰাকী কিশোৰীয়ে সমনীয়াৰ সৈতে বনভোজ খাই ঘৰলৈ উভতি আহি আছিল ৷ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক ঘৰলৈ উভোতাৰ সময়তে তিনিগৰাকী যুৱকে মুখত সোপা দি অপহৰণ কৰি নিয়াৰ অভিযোগ উঠিছে ৷
উক্ত ঘটনাৰ পিছৰে পৰা ঘটনা সন্দৰ্ভত ৰহস্যজনক স্থিতি গ্ৰহণ কৰে কিশোৰীগৰাকীৰ সৈতে বনভোজলৈ যোৱা সতীৰ্থসকলে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি কিশোৰীগৰাকীৰ অভিভাৱকে এই কাণ্ডত জড়িত থকাৰ সন্দেহত চৈধ্য মাইলৰ ধৰ্মেশ্বৰ দাসৰ পুত্ৰ ৰাজীৱ দাসৰ বিৰুদ্ধে বগীনদী থানাত দাখিল কৰে এক এজাহাৰ ৷ সম্প্ৰতি আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিতে অব্যাহত ৰাখিছে তদন্ত ৷ কিন্তু এইপৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই কিশোৰীগৰাকীৰ ৷