ETV Bharat / state

Lahimpur freedom fighter: শতবর্ষ গৰকা লখিমপুৰৰ মুক্তিযোদ্ধা স্নেহলতা মজুমদাৰৰ বিয়োগ - মুক্তিযোদ্ধা

লখিমপুৰৰ শতবৰ্ষ গৰকা মুক্তিযোদ্ধা স্নেহলতা মজুমদাৰৰ দেহাৱসান ৷ বুধবাৰে নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে মুক্তিযোদ্ধাগৰাকীয়ে ৷ কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল স্নেহলতা মজুমদাৰ ৷

Lahimpur freedom fighter
Lahimpur freedom fighter
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:18 PM IST

মুক্তিযোদ্ধা স্নেহলতা মজুমদাৰৰ বিয়োগ

লখিমপুৰ, ৪ অক্টোবৰ: লখিমপুৰ নগৰৰ সমীপৰ বোৱালগুৰিৰ নিবাসী প্ৰয়াত যোগেশ চন্দ্ৰ মজুমদাৰৰ পত্নী তথা মুক্তিযোদ্ধা স্নেহলতা মজুমদাৰৰ (১০৪) বুধবাৰে পুৱা ৭.৪০ মিনিটত নিজা বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে ৷ উল্লেখ্য যে বাৰ্ধক্যজনিত ৰোগত মুক্তিযোদ্ধাগৰাকীৰ মৃত্যু হয় ৷

বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁক লখিমপুৰৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁ আৰোগ্য লাভ কৰাত দুদিনৰ পূৰ্বে ঘৰলৈ অনা হৈছিল যদিও বুধবাৰে পুৱা তেওঁৰ মৃত্যু হয় ৷

প্ৰয়াত স্নেহলতা মজুমদাৰ আছিল তাম্ৰপত্ৰপ্ৰাপ্ত এগৰাকী মুক্তিযোদ্ধা ৷ সৰুকালৰ পৰাই দেশপ্ৰেমত উদ্বুদ্ধ স্নেহলতা মজুমদাৰে দেশৰ মুক্তিযুদ্ধত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিল ৷ তেওঁ কনকলতা বৰুৱাৰ সৈতে গহপুৰত জাতীয় পতাকা উৰুৱাৱলৈ গৈছিল ৷ দেশৰ মুক্তিকামী জনতাৰ পৰাধীনতাৰ গোলামিৰ পৰা মুক্ত হোৱাৰ আহ্বান শুনি তেওঁ ৰ’ব পৰা নাছিল ৷ বিভিন্ন সময়ত যুঁজত জঁপিয়াই পৰি তেওঁ দেশৰ স্বাধীনতাত অৰিহণা যোগাইছিল ।

এই গৰাকী মুক্তি সেনানীৰ বিয়োগত আজি জিলাখনত গভীৰ শোকৰ ছাঁ পৰে ৷ অঞ্চলটোৰ ভিতৰতে বৰ্ষীয়ান মহিলা হিচাবে পৰিচিত অতি অমায়িক স্বভাৱৰ হাঁহিমুখীয়া মহিলাগৰাকীৰ বিয়োগত জিলা মুক্তিযুঁজাৰু সন্মিলনকে ধৰি বিভিন্ন দল-সংগঠন তথা অজস্ৰ গুণমুগ্ধই শোক প্ৰকাশ কৰি তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লখিমপুৰ জিলা প্ৰশাসনে ৰাজ্যিক মৰ্যাদাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ জিলা আয়ুক্ত সুমিত সাত্তাৱান, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আৰক্ষী বিভাগে একৈশ জাঁই টোপধ্বনিৰে তেওঁলৈ ৰাজ্যিক মৰ্যদা জ্ঞাপন কৰে ।

প্ৰয়াত মুক্তিযোদ্ধাগৰাকীৰ বাসগৃত পুৱাৰে পৰা শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ তেওঁৰ আত্মীয় স্বজনৰ পৰা অসংখ্য গুণমুগ্ধই চকুলো বোৱাই আদৰৰ আইতাগৰাকীক বিদায় জনায় ৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ, তিনিগৰাকী কন্যাসহ কেইবাটিও নাতিক এৰি থৈ যায় ৷ স্নেহলতা মজুমদাৰ বিয়োগত অঞ্চলবাসীয়ে এটা যুগৰ অৱসান ঘটিল বুলি শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Bihpuria News: বিহপুৰীয়াত মুক্তিযোদ্ধা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.