ETV Bharat / state

Medical Camp in Lakhimpur: চি আৰ পি এফৰ উদ্যোগত লখিমপুৰত স্বাস্থ্য শিবিৰ - লখিমপুৰ

চি আৰ পি এফৰ উদ্যোগত লখিমপুৰত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰ ৷ লখিমপুৰ নগৰৰ সমীপৰ উদয়ন যুৱক সংঘত অনুষ্ঠিত হয় এই স্বাস্থ্য শিবিৰ ৷ জিলা আয়ুক্ত, উপ-আৰক্ষী অধীক্ষকৰ লগতে ৰাইজে এই শিবিৰত অংশগ্রহণ কৰে ।

Medical Camp in Lakhimpur
চি আৰ পি এফৰ উদ্যোগত লখিমপুৰত স্বাস্থ্য শিবিৰ
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 5:31 PM IST

চি আৰ পি এফৰ উদ্যোগত লখিমপুৰত স্বাস্থ্য শিবিৰ

লখিমপুৰ, 30 অক্টোবৰ : চি আৰ পি এফৰ উদ্যোগত সোমবাৰে লখিমপুৰত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰ । চি আৰ পি এফৰ 30 নং বেটেলিয়নৰ উদ্যোগত আজি লখিমপুৰ নগৰৰ সমীপৰ উদয়ন যুৱক সংঘত এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে ৷ ‘‘উৎকৃষ্ট সেৱাই আমাৰা সংকল্প’’ শীর্ষক বাণীৰে চি আৰ পি এফে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ উপকৃত হোৱাকৈ স্বাস্থ্য পৰীক্ষা, বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ।

এই অনুষ্ঠানটো উদ্বোধন কৰে চি আৰ পি এফৰ 30 নং বেটেলিয়নৰ কমান্ডেন্ট অৰুণ কুমাৰ মীনাই । উক্ত অনুষ্ঠানত লখিমপুৰ জিলা আয়ুক্ত সুমিত সাত্তাৱান, সদৰ উপ-আৰক্ষী অধীক্ষক দেবেন বৰা আদিকে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আজিৰ স্বাস্থ্য শিবিৰ উদ্বোধন কৰি চি আৰ পি এফৰ কামান্ডেন্ট মীনাই কয় যে, চি আৰ পি এফে আইন শৃংখলা ৰক্ষাৰ হকে কৰ্তব্য সম্পন্ন কৰাৰ লগতে জনসংযোগৰ বাবে বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী গ্রহণ কৰা হৈছে ৷ পুথিভঁৰাল, বিদ্যালয়ৰ উন্নয়নৰ হকে কাম কৰা আদিৰ দৰে চি আৰ পি এফৰ জনকল্যাণমূলক বিভিন্ন কাৰ্যসূচীৰ আলোকপাত কৰে সেনা বিষয়াগৰাকীয়ে ।

চি আৰ পি এফৰ 30 নং বেটেলিয়নৰ এলেকাৰ শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ধেমাজি আদিত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ৰাইজক স্বাস্থ্য ৰক্ষাৰ হকে চি আৰ পি এফে কাম কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও জানিবলৈ দিছে চি আৰ পি এফৰ কামান্ডেন্ট মীনাই ৷

আজিৰ স্বাস্থ্য শিবিৰত শতাধিক ৰোগীক চিকিৎসা প্ৰদানৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Impact of NHPC : বিলুপ্তিৰ পথত সোৱণশিৰিৰ আপুৰুগীয়া সোণালী পিঠিয়া মাছ আৰু শিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.