নাওবৈছা, 28 মে': লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত বৰছলাৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা গোচৰ মিমাংসাৰ নামত 70 হাজাৰ টকা দাবী কৰি আৰক্ষীৰ জালত পৰিল আব্দুল কালাম নামৰ এগৰাকী স্বয়ম্ভু সাংবাদিক ৷ বৃহস্পতিবাৰে নিশা দাবী কৰা ধন আনিবলৈ কুটুবপুৰলৈ গৈছিল আব্দুল কালাম ৷
ধন আনিবলৈ যাওঁতেই স্থানীয়লোকে হাতে লোটে ধৰি আৰক্ষীক গতাই দিয়ে স্বয়ম্ভু সাংবাদিক গৰাকীক । আনহাতে, ধন দাবী কৰা পৰিয়ালটোৰ এজাহাৰ ভিত্তিত বঙালমৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল কালামক।
বঙালমৰা আৰক্ষীয়ে শুকুৰবাৰে পুৱা 355 US 384/506 নম্বৰত এটি গোচৰ ৰুজু কৰি দীৰ্ঘ দিনৰে পৰা সাধাৰণ লোকক ধন দাবী কৰি অহা স্বয়ম্ভূ সাংবাদিক আব্দুল কলমাক জেললৈ প্ৰেৰণ কৰে।
লগতে পঢ়কঃ ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰৰ পাচতেই ধিং, ৰূপহীহাটত গৌৰৱ গগৈ