ETV Bharat / state

FIR against Jonmani Rabha: মৃত্যুৰ পূৰ্বে জোনমণিৰ বিৰুদ্ধে ৰুজু হৈছিল যুৱকক নিৰ্যাতনৰ গোচৰ - FIR against Jonmani Rabha

সোমবাৰে নিশা পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় আৰক্ষী বিষয়া জোনমণি ৰাভাই। যোৱা 12 মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত আমিনা খাতুন নামৰ এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিছিল (FIR against Jonmani Rabha) ৷

FIR against Jonmani for allegedly beating up youth
জোনমণিৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ
author img

By

Published : May 16, 2023, 10:13 PM IST

লখিমপুৰ, 16 মে' : দুৰ্ঘটনাত পতিত হৈ অজান মুলুকলৈ গ’লগৈ আৰক্ষী বিষয়া জোনমণি ৰাভা (SI Junmoni Rabha accident) ৷ সোমবাৰে নিশা নগাঁও জিলাৰ জখলাবন্ধাত হোৱা এটা পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় আৰক্ষী বিষয়া জোনমণি ৰাভাই । এতিয়া ৰাজ্য জোঁকাৰি গৈছে এই দুৰ্ঘটনাৰ বাতৰিয়ে (SI Junmoni Rabha accident is in mystery)।

এই ঘটনাৰ পিচতে লখিমপুৰতো চৰ্চালৈ আহিছে আৰক্ষী বিষয়াগৰাকীৰ নাম । যোৱা 12 মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিছিল (FIR against Jonmani Rabha) ৷ জোনমণি ৰাভাৰ লগতে আৰু অন্য কেইজনমানৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল আমিনা খাতুন নামৰ মহিলাগৰাকীয়ে ৷ লখিমপুৰৰ দুই নং বৰচলা নিবাসী আব্বাচ আলীৰ পত্নী আমিনা খাতুন (FIR against Jonmani Rabha in Lakhimpur)।

লখিমপুৰ সদৰ থানাত আমিনাই নগাঁও সদৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভা, বিহপুৰীয়া 1 নং আহমেদ নুৰমহমদ কালিয়া, আজিমুদ্দিন, মোস্তাক আহমেদ, পাভ চাৰি আলিৰ মোক্তাব হুছেইন, 1 নং বৰচলাৰ নজৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এজাহাৰখনত আমিনাই উল্লেখ কৰা অভিযোগ আনুসৰি, যোৱা 6 মে’ৰ নিশা প্ৰায় 2 মান বজাত তেওঁৰ ঘৰত জোনমণি ৰাভাৰ সৈতে অহা দলটোৱে আমিনাৰ পুত্র আজগৰ আলীক বিনা কাৰণত মাৰধৰ কৰাৰ লগতে আজগৰৰ পত্নীৰ পৰা 80 হেজাৰ টকা, ভোটাৰ কাৰ্ড, পান কাৰ্ড, সোণৰ কাণফুলি আদি লৈ যোৱাৰ উপৰি আজগৰক চোঁচৰাই লৈ যায় (FIR against Jonmani for allegedly beating up youth)।

ইয়াৰোপৰি আমিনাৰ ডাঙৰ পুত্র আহমদ আলীৰ ‘ব্ৰীজা’ গাড়ীখনো লৈ যায় । আনহাতে, জোনমনি ৰাভাৰ লগত যোৱা দলটোৱে আহমদক পিচদিনা গহপুৰ এলেকাৰ অৰুণাচল বাইপাছলৈ 6 লাখ টকা লৈ যাবলৈ কয় বুলিও এজাহাৰখনত আমিনাই অভিযোগ উত্থাপন কৰে । ইয়াৰোপৰি এজাহাৰখনত উল্লেখ কৰা অনুসৰি, পিচদিনা এই টকা আদায় দিয়াত তেওঁলোকে গাড়ীসহ আজগৰক এৰি দিয়ে ।

ইয়াৰ ভিতৰত 80 হাজাৰমান টকা ৰিয়াজুল ইছলামৰ একাউন্ট যোগেও আদায় কৰা হয় বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে । এই সন্দৰ্ভত কোনো ব্যক্তিক জনালে ভুৱা গোচৰত গুলীওৱাৰ লগতে আজীৱন জেইলত সুমুৱাই থ’ম বুলি ভাবুকি দিয়াৰ কথাও উল্লেখ কৰা হৈছিল এজাহাৰখনত ।

এজাহাৰকাৰী আমিনাই এই এজাহাৰৰ জৰিয়তে অভিযুক্তসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰাৰ বাবে আৰক্ষীক আহ্বান জনায় । এই সন্দৰ্ভত সদৰ থানাত এটা গোচৰ পঞ্জীয়ন হয় । সম্প্ৰতি জোনমণি ৰাভাৰ অকাল মৃত্যুৰ বাবে আৰক্ষীয়ে এই সন্দৰ্ভত মতামত দিয়াৰ পৰা বিৰত আছে ।

লগতে পঢ়ক: SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.