ETV Bharat / state

Filmmaker Rima Das: মানৱ জীৱনৰ সংঘাত আধাৰিত নতুন ছবি লৈ সাজু চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:15 PM IST

মানৱ জীৱন সংঘাত সংঘর্ষৰে ভৰা । এনে সংঘাতত কোনো ভাগি পৰে । কোনোৱে সংঘাত অতিক্রম কৰি মানুহ হয় । জীৱনৰ এনে সংঘাতক সম্পদলৈ পৰিণত কৰিছে অস্কাৰ মনোনীত চলচ্চিত্র নিৰ্মাতা ৰীমা দাসে ।

Filmmaker Rima Das in the context of the new film
নতুন ছবি প্ৰসংগত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস

লখিমপুৰ,৯ ছেপ্টেম্বৰ: সংঘাতক ৰূপালী পৰ্দাত সম্পদলৈ পৰিণত কৰিছে ৰীমা দাসে । অচিৰেই মুক্তি পাব তৰা'ছ হাজবেণ্ড । মানৱ জীৱনৰ সংঘাতক উপজীব্য কৰি লগতে শিশুৰ মনস্তত্ত্ব সংযোজন কৰি সম্পদ সৃষ্টি কৰিছে অস্কাৰ মনোনীত চলচ্চিত্র নিৰ্মাতা ৰীমা দাসে । ইতিমধ্যে দেশে-বিদেশে সমাদৃত তেওঁৰ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন চিং আদি ছবিৰ পাছত তেওঁ নিৰ্মাণ কৰিছে আন এখন ছবি তৰা'ছ হাজবেণ্ড ।

প্ৰেম, ভালপোৱাৰ পৰা শিশু মনস্তত্ত্ব সংযোজন হোৱা এইখন ছবি অচিৰেই মুক্তি লাভ কৰিব । শনিবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী কাৰ্যসূচীৰ অন্যতম সূচী অনুসৰি সপ্তম লানি বক্তৃতা অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ আহি তেওঁ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে । তেওঁৰ ছবিসমূহ অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত নিৰ্মাণ হ'লেও নাম ইংৰাজীত দিয়া প্ৰসংগত তেওঁ কয় বিশ্বৰ আগত অসমৰ চহা গ্ৰাম্য জীৱনৰ লগতে কৃষ্টি সংস্কৃতি, আবেগ অনুভূতিক দাঙি ধৰাৰ লক্ষ্যৰে নাম এনেদৰে দিবলগীয়া হৈছে ।

তৰা'ছ হাজবেণ্ডখনো এখন সুন্দৰ উপভোগ্য ছবি বুলি অনুভৱ ব্যক্ত কৰি তেওঁ ৰাইজৰ সঁহাৰি কামনা কৰে । লখিমপুৰ বাণিজ্য মহাবিদ্যালয় ৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই সঞ্চালনা কৰা আৰু ইংৰাজী বিভাগৰ অধ্যাপিকা হৰিণী পাটোৱাৰীয়ে আঁতধৰা অনুষ্ঠানটোত বোলছবি, আবেগ, অনুপ্ৰেৰণা আৰু উদযাপন শীর্ষক বিষয়ত ভাষণ প্ৰদান কৰি ৰীমা দাসে তেওঁৰ জীৱন পৰিক্ৰমা আলোকপাত কৰে ।

মুম্বাই লৈ অভিনেত্রী হবলৈ গৈ অৱশেষত প্ৰযোজক-পৰিচালকলৈ পৰিণত হোৱা ৰীমা দাসে তেওঁৰ সংঘাতময় জীৱন পৰিক্ৰমাৰ ওপৰতো আলোকপাত কৰে । তেওঁ মানৱ জীৱনৰ সংঘাতক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি সেই সংঘাতক যোগাত্মক চিন্তা চৰ্চাৰে সম্পদলৈ পৰিণত কৰাৰ লক্ষ্য ৰূপালী পৰ্দাত প্ৰতিফলিত কৰিছে ।

চৰিত্ৰৰ সংলাপৰ জৰিয়তে এই চিন্তাৰ সৱল ৰূপত উপস্থাপন কৰিছে । শিশুৰ মনস্তত্ত্বকো পুংখানুপুংখভাৱে অধ্যয়ন কৰি যোগাত্মক ৰূপত ৰূপালী পৰ্দাত প্ৰতিফলিত কৰিছে । তেওঁ পৃথিবী এখন হলেও মনস্তাত্ত্বিক ভাৱে প্ৰত্যেকৰে একোখন সুকীয়া পৃথিবী আছে বুলি অনুভৱ ব্যক্ত কৰে । ভাষণ প্ৰসংগত তেওঁ সকলোকে লক্ষ্য প্ৰাপ্তিৰ দিশত অহৰহ চিন্তা চেতনাক ব্যস্ত ৰখাৰ বাবেও আহ্বান জনায় ।

লগতে পঢ়ক: Veer lachit sena press meet: নগাঁৱত সংবাদ মেলৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.