ETV Bharat / state

Felicitation ceremony of meritorious students:লখিমপুৰত কৃতী শিক্ষার্থীৰ অভিনন্দন অনুষ্ঠান

author img

By

Published : Jul 10, 2023, 9:24 PM IST

লখিমপুৰত কৃতী শিক্ষার্থীৰ অভিনন্দন অনুষ্ঠানত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷

Felicitation ceremony of meritorious students in Lakhimpur
অভিনন্দন অনুষ্ঠান
অভিনন্দন অনুষ্ঠান

লখিমপুৰ, ১০ জুলাই : লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা এখন সুনামযুক্ত বিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় কৃতী শিক্ষার্থীৰ এক অভিনন্দন অনুষ্ঠান । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৃৰ্তীমান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সু-শিক্ষাৰে সুন্দৰ সমাজ গঢ়াত অৰিহণা যোগোৱাৰ বাবে অভিভাৱক আৰু শিক্ষক সমাজৰ শলাগ লয় । ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কেতবোৰ সাৰুৱা কথা কয় ৷

লখিমপুৰ নগৰৰ খেলমাটিত থকা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে কৃতী শিক্ষার্থীৰ এক অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় । উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সমিতিৰ উদ্যোগত এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় । মূলত ২০২২-২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনাৱা হয় এই অনুষ্ঠানত ।

উক্ত অনুষ্ঠানৰ পৰিচালনা কৰে সূৰ্য্য কুমাৰ গগৈয়ে । অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষক মোহন কুমাৰ দাস, সহ-শিক্ষক কেশৱ বৰঠাকুৰ, মুফটি আব্দুল হাছিবৰ লগতে বহুকেইজন শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ আদিয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজৰ ভাষণত কৃতী ছাত্ৰ-ছাত্ৰীসকলক শলাগ জনোৱাৰ লগতে সু-শিক্ষাৰে এখন সুন্দৰ সমাজ গঢ়াত অৱদান যোগোৱাৰ বাবে শিক্ষক সমাজৰ লগতে অভিভাৱক সকলকো ধন্যবাদ জ্ঞাপন কৰে । তেওঁ ছাত্ৰ সমাজক উদ্দেশ্যে কৰি দিক নিৰ্ণায়ক তথা উৎসাহভৰা সাৰগৰ্ভ ভাষণ দিয়ে । এই অনুষ্ঠানত ৩০ জন কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : Exceptional step of primary school:নাৰায়ণপুৰৰ এখন বিদ্যালয়ৰ অভিনৱ প্ৰচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.