ETV Bharat / state

নাওবৈচাত প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল কৃষক

author img

By

Published : May 29, 2021, 8:06 AM IST

দেশ তথা ৰাজ্যত ক'ভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজতো নাওবৈচাত কৃষকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উল্লেখ্য যে, এচাম মধ্যভোগীৰ নেতৃত্বত 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ ধন প্ৰকৃত কৃষকৰ একাউন্টৰ পৰিৱৰ্তে মধ্যভোগীয়ে সৃষ্টি কৰা তালিকাৰ ভুৱা কৃষকৰ একাউন্টলৈ যোৱাৰ অভিযোগত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷

farmers protest during the ongoing pandemic
ৰাজ্যত চলিত জটিল ক'ভিড পৰিস্থিতিৰ মাজতে নাওবৈচাত কৃষকৰ প্ৰতিবাদ

নাওবৈচা, ২৮ মে' : চৰকাৰী আঁচনি প্ৰদানক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ নাওবৈচাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ এক ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে ৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত হিতাধিকাৰী নিৰ্বাচনৰ তালিকাত ব্যাপক অনিয়ম সংঘটিত হোৱা গুৰুতৰ অভিযোগ কৃষি বিভাগৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বতাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ দৰিদ্ৰ কৃষক সকলৰ কল্যাণৰ বাবে আৰম্ভ কৰা 'প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি' আঁচনিৰ যোগেদি প্ৰত্যেক তিনি-চাৰি মাহৰ মূৰে মূৰে কৃষকক দুই হাজাৰ টকাকৈ সাহায্য দিয়াৰ ব্যৱস্থা কৰিছিল । কিন্তু মধ্য নাওবৈচা গাঁও পঞ্চায়তৰ অধীনস্থ বানবিধ্বস্ত গেলাহাটী গোসাঁনীবাৰী গাঁৱৰ শতাধিক প্ৰকৃত কৃষকে এই আঁচনিৰ জৰিয়তে এটকাও নাপালে। যোৱা দুটা বছৰে দহ বাৰ বাৰকৈ আবেদন কৰিও তেওঁলোকে এই সাহায্য লাভ নকৰিলে ।

উল্লেখযোগ্য যে, কৃষি বিভাগৰ গ্ৰামসেৱকে নিজেই তালিকা প্ৰস্তুত কৰাৰ পৰিৱৰ্তে এজন মধ্যভোগীৰ জৰিয়তে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাত এই সকল প্ৰকৃত কৃষক বঞ্চিত হব লগা হ’ল বুলি সম্প্ৰতি অভিযোগ উত্থাপিত হৈছে। ইফালে, গোসাঁনীবাৰী গাঁৱৰ কৃষি বিভাগৰ এজন দালালে নিজৰ খেয়াল খুচি মতে পৰিয়ালৰ প্ৰতিজনকে হিতাধিকাৰীৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ বিপৰীতে যুগ যুগ ধৰি খেতি কৰি অহা প্ৰকৃত কৃষক সকলক বঞ্চিত কৰাৰ তথ্যও পোহৰলৈ আহিছে । সম্প্ৰতি একাংশ হিতাধিকাৰীৰ পৰিৱৰ্তে মধ্যভোগী আৰু দালালে এই ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোক সকলে ৷

উল্লেখযোগ্য যে,অলপতে চাৰি হজাৰ টকাকৈ পুনৰ বহু ভুৱা কৃষকৰ একাউণ্টত এই ধন সোমোৱাত আৰু প্ৰকৃত কৃষকসকলে বাৰম্বাৰ আবেদন কৰাৰ পাচতো একাউণ্টত প্ৰাপ্য ধন নোসোমোৱাত সমগ্ৰ দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি শুকুৰবাৰে গোসাঁনীবাৰী গেলাহাটীৰ শতাধিক কৃষকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কৃষকসকলে বিভাগীয় শীর্ষ কৰ্তৃপক্ষই উক্ত বিষয় সন্দৰ্ভত উচিত তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰাৰ লগতে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাবী জনায় । মন কৰিব লগীয়া যে কৃষক সকলে ক’ভিড নীতি অৱলম্বন কৰিহে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.