ETV Bharat / state

নাৰায়ণপুৰৰ পথাৰত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি

author img

By

Published : Dec 8, 2020, 6:55 PM IST

কৃষক ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে । নাৰায়ণপুৰত খেতিপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আদানী আৰু আম্বানীৰ প্ৰতিকৃতি দাহ কৰি কৃষি আইন বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ।

নাৰায়ণপুৰৰ পথাৰত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি
নাৰায়ণপুৰৰ পথাৰত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি

বিহপুৰীয়া, ৮ ডিচেম্বৰ: ভাৰত বন্ধৰ সবাত্মক প্ৰভাৱ দেখা গৈছে লখিমপুৰৰ নাৰায়ণপুৰত ৷ কৃষক ইউনিয়নে আহ্বান জনোৱা বন্ধৰ প্ৰতি সমৰ্থন জনাই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে নাৰায়ণপুৰৰ কৃষি পথাৰত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আদানী আৰু আম্বানী প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে কৃষি পথাৰত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

কৃষি আইনৰ বিৰোধিতা কৰাৰ লগতে শীঘ্ৰে কৃষক বিৰোধী আইনখন বাতিলৰ দাবী তোলে ৷ লগতে জনস্বাৰ্থ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা বিজেপি চৰকাৰক গাদীচ্যুত কৰিবলৈ আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে । কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিবলৈ ৰাজ্যৰ কৃষকসকলক আহ্বান জনায় । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ৫টাকৈ কৃষক সংগঠনে অংশ লয় ।

লগতে পঢ়ক:কৃষি আইন বাতিলৰ দাবীৰে মহানগৰীত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.