নাওবৈচা, ৩০ ডিচেম্বৰ: লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বঙালমৰাৰ নকল সোণ আৰু জালনোটৰ বেহাৰ বৃহৎ প্ৰবঞ্চক চক্ৰটোৰ বিৰুদ্ধে শেহতীয়াকৈ ব্যাপক অভিযান আৰম্ভ কৰিছে বিহপুৰীয়া আৰক্ষীয়ে ৷
সোমবাৰে নিশা ধলপুৰৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম নকল সোণৰ টুকুৰা সহ তিনিটা প্ৰবঞ্চকক বিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ মঙলবাৰে নিশা বঙালমৰাৰ দুই নম্বৰ ফটেহপুৰৰ পৰা আন এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে বিহপুৰীয়া আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চক আব্দুল জলিলৰ পৰা প্ৰায় চাৰি কিলোগ্ৰাম ওজনৰ নকল সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যিশু খ্ৰীষ্টৰ মূর্তি আৰু নাও সদৃশ নকল সোণৰ টুকুৰা দুটা বিক্ৰীৰ বাবে যো-জা চলাই থাকোতেই বিহপুৰীয়া আৰক্ষীয়ে অভিযান চলাই প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰে ৷ প্ৰবঞ্চকটোৰ পৰা দুটা মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, লখিমপুৰৰ একাংশ শীর্ষ আৰক্ষীৰ পৃষ্ঠপোষকতাতে জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰবঞ্চকে প্ৰবঞ্চনাৰ জাল পেলাই ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ একাংশ লোকক প্ৰবঞ্চনা কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ এনে অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক হিৰণ্য পাটৰে চক্ৰটোৰ বিৰুদ্ধে শেহতীয়াকৈ অভিযান তীব্ৰতৰ কৰি তোলাত সচেতন মহলে আৰক্ষীক প্ৰশংসা কৰিছে ৷
লগতে পঢ়ক: অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে