লখিমপুম, 9 মে': চমু চাপি আহিছে বাৰিষা ৷ বাৰিষা আহিলেই কলিজা শুকাই নৈ পৰীয়া ৰাইজৰ ৷ কিয়নো প্ৰতিবছৰে বাৰিষা আহিলেই বানত ককবকাব লগীয়া হয় নৈপৰীয়া লোকসকলে ৷ ৰাজ্যৰ আন ঠাইৰ লগতে বানত প্ৰতিবছৰে বানে ক্ষতিগ্ৰস্ত কৰে ধেমাজি-লখিমপুৰ জিলাৰ বিস্তৰ অঞ্চলত ৷ মথাউৰি নিৰ্মাণৰ পাচতো কিন্তু বানৰ পৰা কোনোমতেই ৰক্ষা নাপায় এই অঞ্চলৰ ৰাইজে ৷
চলিত বৰ্ষত সোৱণশিৰীৰ বান প্ৰতিহত কৰিবলৈ জলসম্পদ বিভাগে ২ কোটি ১৪ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে বৃহৎ মথাউৰি । চেনিমৰা ঘাটৰ পৰা ধুনাগুৰী ঘাটলৈ নিৰ্মাণ কৰা হৈছে এই মথাউৰিটো । কিন্তু নৈৰ পানী নৌবাঢ়োতেই বৰষুণৰ পানীতে খহিছে বালিৰে নিৰ্মাণ কৰা বৃহৎ মথাউৰিটোৰ অংশ ।
নৈৰ কাষতে খহনীয়া হোৱা স্থানত বালিৰ মথাউৰি নিৰ্মাণ কৰি বাৰিষা ফেনে ফোটোকাৰে বাঢ়ি অহা সোৱণশিৰিক বাধা দিয়া বৃথা চেষ্টা চলাইছে জলসম্পদ বিভাগে । বহাগ মাহতে এতিয়া খহনীয়াই কালৰূপ লৈছে চেনীমৰা, ধুনাগুৰী অঞ্চলত । মথাউৰিটোৰ অৱস্থালৈ চাই ভৰ বাৰিষা প্ৰবল বানত শ শ ৰাইজে ঘৰ-বাৰী হেৰুৱাই নিথৰুৱা হ'ব লাগিব বুলি আশংকা কৰিছে নৈপৰীয়া সকলে ৷
খৰালিৰ ভিতৰতে সকলো ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰৰ জলসম্পদ বিভাগে ৷ কিন্তু জোৰ পুৰি হাত পোৱাৰ সময়তো সম্পূৰ্ণ নহ'ল নিৰ্মাণ কাৰ্য ৷ লক্ ডাউনৰ অচিলা লৈ এতিয়াও বহু বাকী বান নিয়ন্ত্ৰণ আৰু খহনীয়া ৰোধৰ কাম । হয়তো বাৰিষা পুনৰ আন কেইবছৰৰ দৰে যন্ত্ৰণা ভুগিব লাগিব নৈ পৰীয়া জনসাধাৰণে ।
লগতে পঢ়ক : বৰফাকিয়াল গাঁৱক গৰাখহনীয়াৰ পৰা উদ্ধাৰৰ কৰিব পাৰিবনে বিধায়কে