নিউজ ডেস্ক, ৩ মে' : ঈদৰ জোন দেখাৰ লগে লগে সমগ্ৰ দেশৰে ইছলাম ধৰ্মীলোকসকল ব্যস্ত হৈ পৰিছে পৱিত্ৰ ঈদ উদযাপনত । ব্যতিক্ৰম নহয় অসম । অসমৰ প্ৰতিখন জিলাতে দেখা গৈছে ঈদৰ ব্যাপক আয়োজন । পুৱাই ইছলামধৰ্মী লোকসকলে ঈদৰ নামাজৰ বাবে মছজিদত ভিৰ কৰে । বিগত দুটা বছৰে ক'ভিডৰ বাবে ম্লান পৰিছিল ঈদৰ উছাহ-উদ্দীপনা । কিন্তু ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে এইবাৰ ঈদ বহুলভাৱে আয়োজন কৰাত ব্যস্ত হৈ পৰিছে অসমৰ প্ৰতিগৰাকী মুছলমান ।
প্ৰতিকূল বতৰকো নেওচি ঈদৰ পৱিত্ৰ নামাজ পঢ়িবলৈ লখিমপুৰত লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে (Eid celebration in Lakhimpur)। লখিমপুৰ নগৰ আৰু সমীপৰ কুৰিটাৰো অধিক মছজিদত ঈদৰ নামাজ পঢ়িলে হাজাৰ হাজাৰ লোকে । নগৰৰ কেন্দ্রীয় ঈদগাহ ময়দানত সমবেত হ'ল শ শ লোক । ঈদগাহ ময়দানত নামাজ আদায় কৰে মৌলানা আবিদুৰ ৰহমানে ।
ডিব্ৰুগড় বকুলৰ ঈদগাহ ময়দানতো দেখা গ'ল অগণন লোকৰ ভিৰ (Eid Ul Fitre celebrations in Dibrugarh)। ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে অংশগ্ৰহণ কৰিলে সমূহীয়া নামাজত । ৰাজ্যখনত শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ অক্ষুণ্ণ থকাৰ বাবে ইছলাম ধৰ্মীলোকসকলে আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গ'ল ।
ইফালে ৰঙাপৰাৰ ঐতিহাসিক জামে মছজিদতো পুৱাৰে পৰা যথেষ্ট লোকে ভিৰ কৰে (Devotees offer Namaz at Jama Masjid in Rangapara)। পুৱা ৯ বজাত ৰঙাপৰা চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক জামে মছজিদৰ লগতে মতি মছজিদ, ধূলাপাদুং, ভেলুৱাটাৰ, বৰজুলি, আমাৰাবাৰী আদি ঠাইত থকা মছজিদসমূহত ৰাইজে ঈদৰ নামাজ আদায় কৰে । সমান্তৰালকৈ ইজনে-সিজনক ঈদৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় । আনহাতে পৱিত্ৰ ঈদ-উল-ফিতৰক লৈ উদুলি-মুদুলি পৰিৱেশ হোজাই জিলাত (Eid celebration in Hojai)। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে মছজিদ আৰু ঈদগাৰ ময়দানত নামাজ আদায় কৰে ।
লগতে পঢ়ক :Eid Ul Fitr 2022 : বিধায়ক অখিল গগৈৰ ঈদৰ শুভেচ্ছা জ্ঞাপন