ETV Bharat / state

ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঠনিৰ অভাৱৰ কথা স্বীকাৰ শিক্ষামন্ত্ৰীৰ

author img

By

Published : May 25, 2021, 9:19 PM IST

আজি লখিমপুৰ মহাবিদ্যালয় পৰিদৰ্শন কৰি বৰ্তমান ৰাজ্যৰ আন্তঃগাঠনি অভাৱৰ কথা সদৰি কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ লগতে বিদ্যালয় সমূহত ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱৰ কথাও প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঠনিৰ অভাৱৰ কথা স্বীকাৰ কৰিলে শিক্ষামন্ত্ৰীয়ে

লখিমপুৰ, 25 মে' : আজি লখিমপুৰ মহাবিদ্যালয় পৰিদৰ্শন কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ পৰিদৰ্শন কালত বৰ্তমানৰ ৰাজ্যৰ শিক্ষা খণ্ডত আন্তঃগাঠনি অভাৱৰ কথা সদৰি কৰে শিক্ষমন্ত্ৰী গৰাকীয়ে ৷ লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষাখণ্ডৰ আন্তঃগাঠনি সৱল কৰাত অধিক গুৰুত্ব প্ৰদাণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰে ৷

লখিমপুৰ মহাবিদ্যালয় পৰিদৰ্শন কালত শিক্ষামন্ত্ৰী ৰমোজ পেগুৱে কয়, বৰ্তমান অধিকাংশ বিদ্যালয়তে ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱ ৷ যাৰ বাবে শিক্ষাখণ্ডত বহু সমস্যাই দেখা দিছে ৷ শিক্ষক আৰু ছাত্ৰৰ অনুপাতৰ যি সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই থকা হৈছে বুলিও সদৰি কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

সাম্প্রতিক পৰিস্থিতিত চৰকাৰী বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সকলৰ শিক্ষা গ্ৰহণৰ পৰা বিৰত থকা বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্রী জনে কয়, অনলাইন পাঠদান শিক্ষা দানৰ বিকল্প নহয় । কিন্তু পৰিস্থিতি সাপেক্ষে অফলাইন পাঠদানৰ ব্যৱস্থা কৰা হ'ব বুলিও কয় ৰণোজ পেগুৱে ৷ লখিমপুৰ মহাবিদ্যালয় পৰিদৰ্শনৰ এই কাৰ্যসূচীত শিক্ষামন্ত্ৰী গৰাকীক সংগ দিয়ে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷

লগতে পঢ়ক: অসম-বংগত সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.