ETV Bharat / state

নকল সোণৰ নাও, নগদ টকাসহ আটক দুজন

author img

By

Published : Aug 27, 2020, 8:05 PM IST

বৃহস্পতি নাওবৈচা আৰক্ষীয়ে নকল সোণৰ নাও আৰু নগদ টকাসহ আটক কৰে দুজনকৈ অভিযুক্তক ৷ লখিমপুৰৰ নাওবৈচাত নকল সোণ ব্যৱসায়ী চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ নাওবৈচা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

নকল সোণৰ নাও, নগদ টকাসহ আটক দুজন
নকল সোণৰ নাও, নগদ টকাসহ আটক দুজন

নাওবৈচা, 27 আগষ্ট: লখিমপুৰৰ নাওবৈচাত সক্ৰিয় হৈছে নকল সোণ ব্যৱসায়ী চক্ৰ ৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নাওবৈচাৰ সমিতিৰ সভাপতি বিশ্ব গোঁহাইৰ ৷ কিয়নো বৃহস্পতিবাৰে নাওবৈচা আৰক্ষীয়ে সোণৰ নাওসহ দুজন লোকক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা মহঘূলিৰ আনাৰুল ইছলাম নামৰ যুৱকজনে নিজমুখে প্ৰকাশ লক্ ডাউনত গোপনে চলি থকা অবৈধ ব্যৱসায়ৰ গোপন তথ্য ৷

নাওবৈচাত নকল সোণৰ নাও, নগদ টকাসহ আটক দুজন

অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত, সমগ্ৰ ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড হৈছে শ্বৰিয়ত নামৰ নামৰ এজন লোক ৷ মাষ্টাৰ মাইণ্ড শ্বৰিয়তে সেই কামত নিয়োগ কৰিছিল ক্ৰমে আনাৰুল ইছলাম, আজিজুৰ ৰহমান আৰু হাৰেজ আলী নামৰ তিনিজন লোকক ৷ ইয়াৰে ধৃত আনাৰুলে স্বীকাৰ কৰে সমগ্ৰ ঘটনাটো ৷ দুদিন পূৰ্বে উত্তৰ-প্ৰদেশৰ এজন প্ৰাক্তন সেনা জোৱানৰ পৰা নকল সোণৰ ব্যৱসায়ী শ্বৰিয়তে 4 লাখ টকাত এখন নকল সোণৰ নাও দি প্ৰৱঞ্চনা কৰিছিল ৷ আনাৰুলৰ পৰা ইতিমধ্যে লুট কৰা ৪ লাখ টকাৰ ভিতৰত ২ লাখ ৭০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ আনহাতে যোৱা ২০ আগষ্টতো লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এটা নকল সোণৰ প্ৰৱঞ্চকক ৷ ধৃত প্ৰৱঞ্চকটোৱে পশ্চিম বংগৰ উত্তৰ দিনাশপুৰৰ এজন লোকৰ পৰা নগদ ১ লাখ ২২ হাজাৰ টকাৰ নকল সোণৰ যীশুৰ মূৰ্তি বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে ৷ জিলা খনত সংঘটিত এনে ঘটনাৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীক নাওবৈচা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অধিক কঠোৰ হ'বলৈ দাবী জনায় ৷

লগতে পঢ়ক: বৰপেটাত সোণৰ নাওঁসহ আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.