লখিমপুৰ,23 জুলাই: অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত প্ৰৱক্তা ড৹ হেমন্ত শৰ্মা ৷ লখিমপুৰ কলেজৰ বিতৰ্কিত প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উঠিছিল ৷ শনিবাৰে নিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে আটক কৰাৰ পাচত দেওবাৰে গ্ৰেপ্তাৰ কৰে প্ৰৱক্তা শৰ্মাক ।
নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত) ৰ অসমীয়া বিভাগৰ বিতৰ্কিত সহকাৰী প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হৈছিল গোচৰ ৷ ২৭৫/২৩ নম্বৰৰ আৰু ৩৫৪/৩৫৪ (এ) ৫০৬/৫০৯ ধাৰাৰ গোচৰত দেওবাৰে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত সহকাৰী প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক ।
উল্লেখ্য যে প্ৰৱক্তা শৰ্মাই দীৰ্ঘদিন ধৰি মদ্যপান কৰি পাঠদান কৰি আহিছিল ছাত্ৰ-ছাত্ৰীক ৷ পাঠদান কৰাৰ নামত শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীক দীৰ্ঘদিন ধৰি শাৰীৰিক, মানসিক আতিশয্য চলোৱাৰ অভিযোগ তুলিছিল ছাত্ৰ-ছাত্ৰীয়ে ৷ অসমীয়া বিভাগৰ ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাৰ বিৰুদ্ধে অভিযোগ তুলিছিল ৷
দীর্ঘদিন ধৰি প্ৰৱক্তা জনৰ আচৰণত অতিষ্ঠ হৈ পৰা শিক্ষাৰ্থীসকলে শুকুৰবাৰে কলেজখনৰ অধ্যক্ষ ড৹ বিমান চেতিয়াক লিখিত অভিযোগ দাখিল কৰিছিল ৷ বিষয়টোত গুৰুত্ব দি অধ্যক্ষই লগে লগে কলেজখনৰ দুখনকৈ আভ্যন্তৰীণ সমিতিৰ সভা আহ্বান কৰে ৷
তদুপৰি অভিযোগকাৰী ছাত্র-ছাত্রী আৰু অভিযুক্ত প্ৰৱক্তাজনৰ ভাষ্য গ্ৰহণ কৰে । সমিতিৰ সভাৰ সিদ্ধান্ত মৰ্মে শনিবাৰে অধ্যক্ষই অভিযুক্ত প্ৰৱক্তাজনক বাধ্যতামূলক ছুটি দিয়ে । সোমবাৰে কলেজখনত জৰুৰী ভাৱে আহ্বান কৰা হৈছে পৰিচালনা সমিতিৰ বৈঠক ৷ এই বৈঠকৰ পাচতে পৰিচালনা সমিতিৰ সিদ্ধান্ত উচ্চ শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিব ৷
সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অধ্যক্ষ ড৹ বিমান চেতিয়াই সংবাদ মাধ্যমক আহ্বান জনাই, কোনোবা এজনে কৰা ভুলৰ বাবে যাতে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ পথত থকা কলেজখনৰ গৰিমা ম্লান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ।
লগতে পঢ়ক:Drunken Lecturer detained: সুৰাৰ বৰষাত উটি হেমন্ত পালেগৈ থানা; শিক্ষাৰ্থীক নিৰ্যাতনৰ অভিযোগ