ETV Bharat / state

পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি আইনৰ কাষ চাপিল নিপা

এটা পুত্ৰ সন্তান জন্ম দিবৰ নোৱাৰাৰ বাবে পত্নী আৰু দুই কন্যাক 27 বছৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে পিতৃয়ে ৷ নিৰ্যাতন চলোৱাই নহয় কোনোধৰণৰ ভৰণ-পোষণৰ খৰছো নিদিয়া হৈছিল পত্নী-কন্যাক ৷ জীয়ৰীয়ে পিতৃৰ সৈতে কথা পাতিবলৈ আহোতে মাহীমাকে আক্ৰমণ কৰিবলৈ ধৰে যুৱতী গৰাকীক ৷ তাৰপাছত কি হ’ল পঢ়ক এই প্ৰতিবেদন...

পুত্ৰ সন্তান জন্ম দিব নোৱৰাৰ বাবে পত্নী কন্যানক অকথ্য নিৰ্যাতন পিতৃৰ

author img

By

Published : Aug 13, 2021, 9:12 PM IST

বিহপুৰীয়া,13 আগষ্ট : নাৰায়ণপুৰ আৰক্ষী থানাৰ সন্মুখত এগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে হিয়া ঢাকুৰি কান্দিছে ৷ পিতৃ আৰু মাহীমাকৰ 27 বছৰীয়া শাৰীৰিক আৰু মানসিক নিৰ্যাতনত অতীষ্ঠ হৈ লাজ অপমান কাটি কৰি পিতৃৰ বিৰুদ্ধে নাৰায়ণপুৰ থানাত গোচৰ তৰিবলৈ আহিছে যুৱতীগৰাকী ৷ দুখ,যন্ত্ৰণা আৰু লজ্জাত ভাৰাক্ৰান্ত হৈ যুৱতী গৰাকীয়ে কান্দিছে হিয়া ঢাকুৰি ৷

উল্লেখযোগ্য যে, নিপা যুৱতী গৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ পৰা শিক্ষা সাং কৰি মাতৃ আৰু কনিষ্ঠ ভগ্নীৰ সৈতে থাকে নিলগে ৷ কাৰণ পিতৃ টংকেশ্বৰ বৰাই দ্বিতীয় বিবাহ কৰাৰ পাছত ঘৰুৱা অশান্তি, মানসিক-শাৰীৰিক নিৰ্যাতনত অসহনীয় হৈ পৰাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে তিনিও গুৱাহাটীত বসবাস কৰি আছিল ৷

পুত্ৰ সন্তান জন্ম দিব নোৱৰাৰ বাবে পত্নী কন্যানক অকথ্য নিৰ্যাতন পিতৃৰ

আনহাতে, টংকেশ্বৰ বৰাৰ প্ৰথমা পত্নী তথা নিপাৰ মাতৃয়ে এটি পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ অপৰাধতে বৰাই দ্বিতীয়া পত্নীৰ সৈতে মিলি বিগত ২৭ বছৰে প্ৰথমা পত্নী আৰু দুই কন্যাক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷ ইপিনে নিপাৰ কনিষ্ঠ ভগ্নীয়ে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগত অধ্যয়ন কৰি আছে ৷ কিন্তু বিগত বহু কেইমাহ হ’ল পিতৃয়ে ভগ্নীক কোনো ধৰণৰ খৰছ পাতি নিদিয়াত গুৱাহাটীৰ পৰা নিপা আহি দেউতাকক লগ ধৰিব বিচাৰিছিল ৷

লগতে পঢ়কঃ চৰাইদেউৰ সমীপৱৰ্তী নাগালেণ্ডত গ্ৰেনেড বিস্ফোৰণ

শুকুৰবাৰে নিপাই বৰমাকৰ সৈতে পিতৃগৃহত প্ৰৱেশ কৰিবলৈহে পালে ৷ মাহী মাকে নিপাক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ মাহীমাক আৰু নিপাৰ মাজত হৈ থকা হতাহতিৰ মাজতে টংকেশ্বৰ বৰা উপস্থিত হয় ৷ টংকেশ্বৰ বৰাই নিপাক এটা কোঠাৰ ভিতৰত সুমুৱাই ডিঙি চেপি ধৰে ৷ কোনোমতে নিপাই পিতৃৰ হাতৰ পৰা পলাবলৈ সক্ষম হয় ৷ তাৰপাছতে লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ দেউতাকে দা লৈ নিপাক কাটিবলৈ খেদি ফুৰাৰ সময়তে আৰক্ষী উপস্থিত হৈ নিপাক উদ্ধাৰ কৰি নাৰায়ণপুৰ থানালৈ লৈ আহে ৷

মনকৰিবলগীয়া যে, পিতৃ আৰু মাহীমাকৰ অত্যাচাৰ সহিব নোৱাৰি আইনৰ কাষ চাপিবলৈ বাধ্য হৈছে নিপা ৷ ইপিনে নিপাই পিতৃৰ বিৰুদ্ধে আইনৰ আশ্ৰয় ল’ব লগা হোৱাত কান্দিছে হিয়া ঢাকুৰি ৷ কিয়নো পিতৃ আৰু মাহীমাকৰ 27 বছৰীয়া মানসিক-শাৰীৰিক অত্যাচাৰ সহি আজি নিৰুপায় হৈ জীৱনৰ একান্ত ব্যক্তিগত বিষয়টো ৰাজহুৱা কৰিব লগা হোৱাত মৰ্মাহত হৈ পৰিছে তেওঁ ৷

ইফালে নিপাৰ পিতৃ তথা নাৰায়ণপুৰ বৰপথাৰ নিবাসী কাঠ বেপাৰী টংকেশ্বৰ বৰাৰ আৰক্ষীৰ সৈতে গোপন মিতিৰালি থকাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰবাবে আৰক্ষীলৈ কেৰেপ নকৰা টংকেশ্বৰ বৰাৰ বিৰুদ্ধে আৰক্ষী কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নিপা বৰাই ৷ এতিয়া সময়ত হে লক্ষণীয় হ’ব আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে অসমৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.