ETV Bharat / state

লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ড্ৰোণ উৰণ নিষিদ্ধ ঘোষণা জিলা দণ্ডাধীশৰ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 8:29 PM IST

144 curfew in Dulung forest: লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত 144 ধাৰা জাৰি কৰিছে লখিমপুৰ জিলা দণ্ডাধীশ গায়ত্রী দেৱী দাস হ্যালিংগে ৷ বায়ু সেনাৰ যুঁজাৰু বিমানৰ সৈতে সংৰ্ঘষ হোৱাৰ আশংকা কৰি বনাঞ্চলত ড্ৰোণ উৰণ নিষিদ্ধ ঘোষণা কৰিছে দণ্ডাধীশগৰাকীয়ে ৷

144 curfew in Dulung forest
লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ড্ৰোণ উৰণ নিষিদ্ধ ঘোষণা জিলা দণ্ডাধীশৰ

লখিমপুৰ, 11 জানুৱাৰী : লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ড্ৰোণ উৰণ নিষিদ্ধ ঘোষণা কৰি 144 ধাৰা জাৰি কৰিছে লখিমপুৰ জিলা দণ্ডাধীশে । বায়ু সেনাৰ যুঁজাৰু বিমানৰ সৈতে সংৰ্ঘষ হোৱাৰ আশংকা কৰি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

লখিমপুৰৰ দুলুং বনাঞ্চলৰ ওপৰত ড্ৰোণ নাইবা কোনো মানৱ বিহীন উৰণ যন্ত্র নিষিদ্ধ কৰা হৈছে। ড্ৰোণ উৰণ নিষিদ্ধ অঞ্চলৰূপে বনাঞ্চলখনক ঘোষণা কৰিছে লখিমপুৰ জিলা দণ্ডাধীশে । ভাৰতীয় ফৌজদাৰী কাৰ্য বিধিৰ অধীনত 144 ধাৰা জাৰি কৰি এই নিষেধাজ্ঞা বলৱৎ কৰা হৈছে ৷

উল্লেখ্য যে, দুলুং সংৰক্ষিত বনাঞ্চলখনৰ অভ্যন্তৰত আছে এক ফায়াৰিং ৰেঞ্জ । এই ফায়াৰিং ৰেঞ্জত ভাৰতীয় বায়ু সেনাই প্ৰায়েই সামৰিক অনুশীলন চলাই আহিছে । বায়ু সেনাই উক্ত ফায়াৰিং ৰেঞ্জত বোমাবৰ্ষণ, ৰকেট নিক্ষেপ, বিমানৰ পৰা গুলিচালনা আদিৰ অনুশীলন কৰি আহিছে । বিগত বৰ্ষৰ অক্টোবৰ মাহত মাহজুৰি বায়ু সেনাই সামৰিক অনুশীলন কৰে । বায়ু সেনাৰ 11 নং উইঙে চলাই আছিল এই অনুশীলন ৷

উল্লেখ্য যে, যুঁজাৰু বিমানে বোমা, ৰকেট আদি নিক্ষেপ কৰিলে যথেষ্ট তলেৰে উৰি আহে । তেনেক্ষেত্ৰত ড্ৰোণ নাইবা মানৱ বিহীন তেনে কোনো উৰণ যন্ত্র উৰি থাকিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে । এনে আশংকাৰ বাবে বায়ু সেনাৰ উইং কামাণ্ডাৰ বি সিঙে জিলা প্ৰশাসনক বিষয়টো অৱগত কৰে ।

যাৰ বাবে লখিমপুৰ জিলা দণ্ডাধীশ গায়ত্রী দেৱী দাস হ্যালিংগে বনাঞ্চলখনত 144 ধাৰা জাৰি কৰি ড্ৰোণ উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰি নিষেধাজ্ঞা আৰোপ কৰিছে ।

লক্ষণীয় যে, ভাৰতীয় বায়ুসেনাই বনাঞ্চলখনত বহু বছৰৰ পৰাই এনেদৰে বছৰৰ এক নিৰ্দিষ্ট সময় লৈ সামৰিক অনুশীলন চলাই আহিছে ।

লগতে পঢ়ক: Air Force exercise: লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.