ETV Bharat / state

নাওবৈচাত শিঙৰা নদীয়ে লৈছে ভয়ানক ৰূপ - flood relief

নাওবৈচাত শিঙৰা নদীৰ জটিল ৰূপ । সংহাৰী বানত জলবন্দী হৈছে ২০খনতকৈ অধিক গাৱঁৰ সহস্ৰাধিক জনসাধাৰণ । নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতি আৰু অধিক ভয়াবহ হোৱৰ আশংকা ।ব্যাহত হৈছে পথ যোগাযোগ ব্যৱস্থা । বানপিড়িত অঞ্চলটোৰ ৰাইজৰ সুৰক্ষা তথা বান সাহাৰ্য প্ৰদানেৰে বান পীড়িত ৰাইজক উদ্ধাৰৰ বাবে জিলা প্ৰশাসনক এইসকল দুৰ্ভগীয়া বান পীড়িতই জনাইছে আহ্বান।

danger level at singora river flood of Naoboicha
নাওবৈচাত শিঙৰা নদীয়ে লৈছে ভয়ানক ৰূপ
author img

By

Published : Jun 24, 2020, 6:14 PM IST

নাওবৈচা,২৪ জুন: লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ মাজেৰে প্ৰবাহিত পাহাৰীয়া শিঙৰা নদীৰ বাঢ়নী পানীয়ে নদীখনৰ বাওঁ পাৰৰ শিঙৰা গাৱঁৰ সমীপৰ উন্মুক্ত মথাউৰিৰে সোমাই দক্ষিণ নাওবৈচাৰ বান পৰিস্থিতি নিতৌ জটিলৰ পৰা জটিলতাৰ দিশেৰে লৈ গৈছে । বিগত দহ-পোন্ধৰ দিনে অব্যাহত থকা নেৰনেপেৰা বৰষুণৰ ফলত নদীখনৰ বৰ্দ্ধিত জলৰাশিৰ লগতে অঞ্চলটোৰ উজনিৰ পৰা নামানিলৈ বৈ যোৱা চাৰি-পাঁচটাকৈ জান-জুৰিৰ আৱদ্ধ পানীয়ে এতিয়া কালৰূপ ধাৰণ কৰিছে । ফলত দক্ষিণ নাওবৈচাৰ ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে । বান পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে, অঞ্চলটোৰ বহু কেইখন মিছিং গাঁৱৰ চাংঘৰ সমূহ একাঠু পৰ্যন্ত পানীৰে ডুব খাই পৰিছে ।

উল্লেখযোগ্য যে, অঞ্চলটোৰ ২০খনতকৈ অধিক গাঁও বিগত এমাহতকৈ অধিক কাল নদীখনৰ বাঢ়নী পানীয়ে ডুবাই ৰাখিছে যদিও বান সৰ্বস্বান্ত ৰাইজক মাত্ৰ এবাৰ সামান্য পৰিমাণৰ বান সাহাৰ্য প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে জিলা প্ৰশাসনে । ফলত জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বানপীড়িত ৰাইজ ।

নাওবৈচাত শিঙৰা নদীয়ে লৈছে ভয়ানক ৰূপ

নদীখনৰ বানে অঞ্চলটোৰ গোসাঁনীবাৰী, ১নং গেলাহাটী, ২নং গেলাহাটী, চেঙেলীজান, টকৌগুৰি , আহোমনি, বৰপথাৰ, ৰৌদোং, শিঙৰা গাঁও, গড়ছিগা আদিকে ধৰি ২০ খনৰো অধিক গাঁওৰ কৃষিভূমি ডুবাই ৰখাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পশুধনৰ খাদ্য সামগ্ৰীৰ বাবেও অভাৱনীয় সমস্যাত পৰা পৰিলক্ষিত হৈছে ।

ইফালে নদীখনৰ সংহাৰী বানে পহুমৰা-পকণীয়া সংযোগী গড়কাপ্তানি পথটোৰ গেলাহাটীৰ অংশত একাঠু পৰ্যন্ত পানী হোৱাত বৰ্তমান পথটোৱে যাতায়তো বন্ধ হৈ পৰিছে । বান পিড়িত এই সমুহ গাঁৱৰ সহস্ৰাধিক জনতাই জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অন্ন বস্ত্ৰ আৰু বাসস্থান অভাৱত এক অৱৰ্ণনীয় পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে ।

danger level at singora river flood of Naoboicha
নাওবৈচাত শিঙৰা নদীয়ে লৈছে ভয়ানক ৰূপ

আনহাতে শিঙৰা গাঁৱৰ উন্মুক্ত মথাউৰি অংশৰ বাবে নামনিলৈ জান জুৰিৰ পানী বৈ যাৱ নোৱাৰি উফন্দি উঠা পানীয়ে অঞ্চলটোত সম্প্ৰতি সাগৰ সদৃশ বানৰ সৃষ্টি কৰিছে । ইপিনে নদীখনৰ বাঢ়নী পানী পহুমৰা-পকণীয়া সংযোগী গড়কাপ্তানী পথটোৰ শিঙৰা গাঁৱৰ সমীপত প্রায় এক কিলোমিটাৰ পথৰ ওপৰৰে পানী বাগৰি থকাত যিকোনো মুহূৰ্তত ছিঙি যোৱাৰ আকংশা প্ৰকট হৈ পৰিছে । যদিহে বিগত দিন সমূহৰ দৰে নেৰনেপেৰাকৈ দি থকা বৰষুণ অব্যাহত থাকে, তেনেহলে শীঘ্ৰেই অঞ্চলটোত বান পৰিস্থিতি আৰু অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে । বানপিড়িত অঞ্চলটোৰ ৰাইজৰ সুৰক্ষা তথা বান সাহাৰ্য প্ৰদানেৰে ৰাইজক উদ্ধাৰৰ বাবে জিলা প্ৰশাসনক এইসকল দুৰ্ভগীয়া বান পীড়িতই জনাইছে আহ্বান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.