লখিমপুৰ, ১২ জানুৱাৰী: লখিমপুৰত অনুষ্ঠিত হ'ব ডিব্রুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ । লখিমপুৰস্থিত এল টি কে মহাবিদ্যালয়ৰ উদ্যোগত অহা ২২, ২৩, ২৪ আৰু ২৫ জানুৱাৰীত ডিব্রুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব । এই যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্রী-ছাত্রীসকলে সাহিত্য-সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্রতিযোগিতাত অংশগ্রহণ কৰিব । শুকুৰবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এল টি কে কলেজৰ অধ্যক্ষ ড৹ বুবুল কুমাৰ শইকীয়াই এই বিষয়ে সদৰী কৰিছে ।
অধ্যক্ষ ড৹ বুবুল কুমাৰ শইকীয়াই উল্লেখ কৰা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা অৰ্থাৎ ২২ জানুৱাৰীত পুৱা যুৱ মহোৎসৱৰ পতাকা উত্তোলন,স্মৃতি তৰ্পণ আৰু গ্রন্থ বিপনী মুকলি, মূল মঞ্চ উদ্বোধনৰ পাছতে অনুষ্ঠিত হ'ব যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান । এই উদ্বোধনী অনুষ্ঠানৰ মুকলি কৰিব সাংসদ প্রদান বৰুৱাই । যুৱ মহোৎসৱৰ স্মৃতিগ্রন্থ 'উদিত আজাদ' উন্মোচন কৰিব শিক্ষামন্ত্রী ডাঃৰণোজ পেগুৱে । দুপৰীয়া বিভিন্ন সাহিত্য প্রতিযোগিতা আৰু সংগীত প্রতিযোগিতা অনুষ্ঠিত হ'ব । লোকসংগীত (দলীয়), লোকসংগীত (একক), জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, ভজন, গজল, খেয়াল, খোল, তবলা, চিত্রাংকন, কার্টুন,প'ষ্টাৰ তৈয়াৰ কৰাৰ প্ৰতিযোগিতা, মিমিক্রী আদি অনুষ্ঠিত হ'ব । বিয়লি ৪.০০ বজাৰ পৰা একাংক নাট প্রতিযোগিতা অনুষ্ঠিত হ'ব ।
সেইদৰে ২৩ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা যুৱ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব । এই দিনটোত সমৱেত সংগীত (ভাৰতীয়), পেঁপা-গগণা, ঢোল বাদন, শাস্ত্রীয় নৃত্য, আধুনিক নৃত্য, বাঁহী, ভায়'লিন, মেন্দলিন, চেতাৰ,পার্বতী প্রসাদ বৰুৱা গীত, আধুনিক গীত, কবিতা আবৃত্তি (অসমীয়া আৰু ইংৰাজী), কুইজ, ফ'টোগ্রাফী, ক'লাজ, ৰংগুলী আদি প্রতিযোগিতা অনুষ্ঠিত হ'ব । বিয়লি ৪ বজাৰ পৰা একাংক নাট প্রতিযোগিতা অনুষ্ঠিত হ'ব ।
অহা ২৪ জানুৱাৰীত পুৱা ৮ বজাৰ পৰা দলীয় লোকবাদ্য প্রতিযোগিতা, দলীয় লোকনৃত্য প্রতিযোগিতা, পাশ্চাত্য সংগীত, জয়ন্ত সংগীত, ভূপেন্দ্র সংগীত, বক্তৃতা, তর্ক, অর্কেষ্ট্রা, মুকাভিনয় আৰু বিয়লি ৪ বজাৰ পৰা একাংক নাট প্রতিযোগিতা অনুষ্ঠিত হ'ব । ইপিনে, অন্তিম দিনা পুৱা ৮ বজাত সাংস্কৃতিক শোভাযাত্রা আয়োজন কৰা হৈছে । দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব যুৱ মহোৎসৱৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান ।
এই মহোৎসৱত ৰাজ্যৰ ৭০ খনৰো অধিক মহাবিদ্যালয়ৰ সহস্রাধিক ছাত্র -ছাত্রী, শিক্ষক, বিশিষ্ট ব্যক্তি আদিয়ে অংশগ্রহণ কৰিব । শুকুৰবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এলটিকে কলেজ কতৃপক্ষই মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত সদৰি কৰে । প্ৰায় ৬০ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে এই মহোৎসৱৰ । উক্ত সংবাদ মেলখনত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ বুবুল কুমাৰ শইকীয়াকে ধৰি প্ৰভাত শইকীয়া, চিৰঞ্জিৎ চাওলেক,ড৹দেৱজিৎ দত্ত, প্ৰফুল্ল নাথ, ভাস্কৰজিৎ বৰা, মানস প্ৰতীম নাথ উপস্থিত থাকে ।
লগতে পঢ়ক:নগাঁও ছোৱালী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ