ETV Bharat / state

নাৰায়ণপুৰত কৰ'ণা আক্ৰান্ত বৃদ্ধৰ মৃত্যু - নাৰায়ণপুৰত কৰ'ণা আক্ৰান্ত বৃদ্ধৰ মৃত্যু

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পুনৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী ব্যক্তিয়ে । বিগত প্ৰায় ১৫ দিন ধৰি হোম হোম আইচ'লেচনত আছিল ৮৬ বছৰীয়া কুমুদ বৰা নামৰ লোকজন ।

covid death at narayanpur
নাৰায়ণপুৰত কৰ'ণা আক্ৰান্ত বৃদ্ধৰ মৃত্যু
author img

By

Published : May 18, 2021, 12:43 PM IST

লখিমপুৰ,১৮ মে': কৰ'ণাৰ দ্বিতীয় লহৰে ভয়ানক পৰিস্থিতি ধাৰণ কৰিছে সমগ্ৰ দেশতে । অসমৰ প্ৰান্তে প্ৰান্তে মহামাৰীয়ে লৈছে ভয়ংকৰ ৰূপ । প্ৰতিদিনে ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিভিন্নজনৰ । লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পুনৰ কৰ'ণা আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী ব্যক্তিয়ে । লোকজনৰ নাম কুমুদ বৰা । বিগত প্ৰায় ১৫ দিন ধৰি হোম হোম আইচ'লেচনত আছিল ৮৬ বছৰীয়া কুমুদ বৰা ।

কিন্তু পুৱা স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে আৰু মৃত্যু হয় লোকজনৰ । মৃত্যুৰ পিছত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু পুনৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ইফালে মৃত কুমুদ বৰাৰ এজন পুত্ৰ আৰু এগৰাকী নাতিৰ দেহতো ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি । ইয়াৰ পিছত এতিয়া সমগ্ৰ অঞ্চলতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

জানিব পৰা মতে, এই পৰ্যন্ত নাৰায়ণপুৰত ২৭৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত হৈ লংকা পৌৰসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.