ETV Bharat / state

FIR against web portal: বিবাহিত মহিলাই অশ্লীল ভিডিঅ’ৰ বেহা কৰা অপবাদ সংবাদ মাধ্যমৰ; থানাত এজাহাৰ দাখিল

বাতৰি প্ৰচাৰৰ নামত এগৰাকী মহিলাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কেইটামান সংবাদ মাধ্যমৰ বিৰুদ্ধে ৷ কোনো আঁতি গুৰু নোহোৱাকৈ মহিলাক অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰাৰ অপযশ ৷

author img

By

Published : Aug 13, 2023, 8:06 PM IST

couple files fir against  Media for fake news
বিবাহিত মহিলাই অশ্লীল ভিডিঅ’ৰ বেহা কৰা অপবাদ সংবাদ মাধ্যমৰ

বিহপুৰীয়া, 13 আগষ্ট : একাংশ সংবাদ মাধ্যমৰ বাবেই বিহপুৰীয়াৰ এটা পৰিয়ালত লাগিছে জুই ৷ যাৰ ফলত ৰাজ্যৰ কেইটামান সংবাদ মাধ্যমৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল পৰিয়ালটো ৷ ঘটনা অনুসৰি আজিৰ পৰা এবছৰ পূৰ্বে বিহপুৰীয়াৰ জনৈক বৰা নামৰ এজন যুৱকৰ সৈতে হাৱাজানৰ জনৈক বৰুৱা নামৰ যুৱতীগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল ৷

বিবাহৰ কিছুদিন পিচতেই মহিলগৰাকীৰ পূৰ্বৰ প্ৰেমিক তেজপুৰ জামুগুৰিৰ ঢলাই বিলৰ পিংকু শইকীয়াই Whats App যোগে ভাইৰেল কৰিছিল তেওঁৰ এটা অশ্লীল ভিডিঅ’ ৷ সেই ভিডিঅ’ পিংকুৱে Whats App যোগে প্ৰচাৰ কৰাৰ পিচতে ভিন্নজনৰ মোবাইলে মোবাইলে উপলব্ধ হৈছিল সেই ভিডিঅ'টো ৷

1থানাত এজাহাৰ দাখিলMedia slams married woman for making obscene videos
1থানাত এজাহাৰ দাখিল

ইয়াৰ পিচতে ঘটনা সন্দৰ্ভত পিংকু শইকীয়াৰ বিৰুদ্ধে মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে সেই সময়তে বিহপুৰীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ৷ শেহতীয়াকৈ সেই ভিডিঅ'টোৰ আলম লৈয়ে অসমৰ একাংশ সংবাদমাধ্যমে মহিলাগৰাকীয়ে পৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি ব্যৱসায়ত নামিছে নেকি বুলি বাতৰি সম্প্ৰচাৰ কৰাৰ পিচতে হাহাকাৰ লাগে দুই স্বামী-স্ত্ৰীৰ লগতে পৰিয়ালবৰ্গৰ মাজত ৷

ইয়াৰ পিচতে সংবাদ মাধ্যম কেইটাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে পৰিয়ালটোৱে ৷ পৰিয়ালটোৰ অভিযোগ অনুসৰি সংবাদ মাধ্যম কেইটাই তেওঁলোকৰ কোনো অনুমতি নোলোৱাকৈ বা ভিডিঅ’টোৰ সন্দৰ্ভত কোনো সোধা-পোছা নকৰাকৈ এগৰাকী বিবাহিত মহিলাই পৰ্ণ ভিডিঅ’ প্ৰস্তুত কৰি ব্যৱসায় কৰিছে বুলি কিয় বাতৰি সম্প্ৰচাৰ কৰিছে ?

পৰিয়ালটোৱে অভিযুক্ত পিংকু শইকীয়া আৰু সংবাদ মাধ্যমকেইটাৰ বিৰুদ্ধে বিহপুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ লগতে পৰৱৰ্তী পৰ্যায়ত ঘটনা সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰো কাষ চাপিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ভুক্তভোগী দম্পতীটোৱে ।

লগতে পঢ়ক: Woman headless body found: হত্যা নে আত্মহত্যা ? মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.