ETV Bharat / state

National Herald Case: ছোনিয়া গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে লখিমপুৰত কংগ্রেছৰ তীব্র প্রতিবাদ

author img

By

Published : Jul 22, 2022, 2:29 PM IST

বৃহস্পতিবাৰে EDৰ কাৰ্যালয়ত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো একাংশ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত ৷

congress-protest-against-ed-summons-to-sonia-gandhi-at-lakhimpur
ছোনিয়া গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে লখিমপুৰত কংগ্রেছৰ তীব্র প্রতিবাদ

লখিমপুৰ, 22 জুলাই : নেচনেল হেৰাল্ড গোচৰত সোধা-পোছাৰ বাবে ইডি কাৰ্যালয়ত বৃহস্পতিবাৰে উপস্থিত হয় কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ৷ EDৰ কাৰ্যালয়ত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক তলব কৰাৰ (ED question to Sonia Gandhi) বিৰুদ্ধে কংগ্ৰেছে দেশজুৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছোনিয়া গান্ধীক EDয়ে চমন জাৰি কৰিছিল(ED summons to Sonia Gandhi) যদিও তেওঁ ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে উপস্থিত হ'ব পৰা নাছিল । ইফালে, বৃহস্পতিবাৰে কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে কংগ্ৰেছী নেত্ৰীগৰাকীক মাৰাথন জেৰা চলায় EDয়ে । কংগ্ৰেছ নেত্ৰীগৰাকীক ED কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধীতাৰে দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

সমান্তৰালকৈ লখিমপুৰতো একাংশ কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন জিলা ৰ লগতে লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰৰ দিনটোত জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীক EDয়ে জেৰা কৰাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে(Congress protest at Lakhimpur) ।

বিজেপি চৰকাৰক অপশাসন বন্ধ কৰিবলৈ হুংকাৰ দি বিৰোধী দল, জনগণৰ ওপৰত নিৰ্যাতন নকৰিবলৈ সকিয়নী প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আই আদি কংগ্ৰেছৰ সকলো সংগঠনে সহযোগিতা আগবঢ়ায় । ধৰ্ণাৰ অন্তত প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : APCC protest in Guwahati: EDৰ কাৰ্যালয়ত ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.