লখিমপুৰ, 21 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ বিশেষ কৈ কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ লগে লগে প্ৰতিবাদ জনাইছে ৷ লখিমপুৰৰ নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহেও সমষ্টি পুনৰ নিৰ্ধাৰণ এক ৰাজনৈতিক আক্ৰোশ বুলি অভিহিত কৰিছে ৷
‘‘সমষ্টি পুনৰ নিৰ্ধাৰণ এক ৰাজনৈতিক আক্ৰোশ ৷ কংগ্ৰেছ দলে ইয়াৰ বিৰোধ কৰি যাব ৷’’ সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকশ কৰি এই মন্তব্য লখিমপুৰ জিলাৰ 110 নং নাওবৈচা বিধানসভা সমষ্টি কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ ৷
বিধায়ক নৰহে লগতে অভিযোগ উত্থাপন কৰি কয় যে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক শলঠেকত পেলোৱাৰ লক্ষ্যৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তুতি কৰা হৈছে ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য নকৰি, ৰাইজৰ মতামত অবিহনে খৰখেদাকৈ ৰাজনৈতিক উদেশ্যে আগত ৰাখি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে ৷
তেওঁ আৰু কয়, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰয়োজনীয় জৰিপো সঠিকভাৱে কৰা নাই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাত ভৌগোলিক সমতা নাই ৷ পঞ্চায়ত ভিত্তিতো হোৱা নাই সমষ্টি পুনৰ নিৰ্ধাৰণ ৷ একোখন পঞ্চায়তক চাৰি-পাঁচ ভাগত বিভক্ত কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হৈছে ৷’’
কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ বাবে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰি এই বিৰুদ্ধে কংগ্ৰেছ দলে শক্তিশালীভাৱে আপত্তি জনাব বুলি বিধায়ক ভৰত নৰহে মন্তব্য কৰে ৷
লগতে পঢ়ক: Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত ৰাজ্যৰ ১৪টা লোকসভাৰ সমষ্টিৰ ৰূপৰেখা