বিহপুৰীয়া, 25 জুলাই: বিহপুৰীয়া সমষ্টিৰ (bihpuria) প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই (bhupen kumar borah) প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে বিহপুৰীয়া সমষ্টিক কংগ্ৰেছ মুক্ত কৰাৰ সংকল্প ল’লে বিহপুৰীয়াৰ বিজেপি বিধায়ক ড° অমিয় কুমাৰ ভূঞাই (dr amiya kumar bhuyan) ৷ দেওবাৰে বিহপুৰীয়া ব্লক কংগ্ৰেছৰ (congress) পদত্যাগী সম্পাদক ৰূপক বৰাৰ নেতৃত্বত কেইবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপি (bjp) দলত যোগদান কৰে ৷ ইপিনে বিহপুৰীয়াৰ পৰিদৰ্শন বঙলাত এক সংবাদমেল সম্বোধন কৰি বিধায়ক অমিয় কুমাৰ ভূঞাই দেওবাৰৰ পৰাই বিহপুৰীয়াত কংগ্ৰেছ মুক্ত কৰাৰ অভিযান আৰম্ভ কৰা বুলি সদৰী কৰে ৷
কিছুদিনৰ পাছতে বিহপুৰীয়াৰ বহু কেইগৰাকী কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে বিধায়ক ভূঞাই ৷ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা ভূপেন কুমাৰ বৰাৰ অত্যন্ত ঘনিষ্ঠ ৰূপক বৰাই কংগ্ৰেছ দলৰ ধাৰাবাহিক পৰাজয়ৰ বাবে বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, দেওবাৰে বিজেপিৰ বিহপুৰীয়া ব্লক মণ্ডলে আয়োজন কৰা এখন যোগদান সভাত বিজেপিৰ লখিমপুৰ জিলা সভাপতি ফণীধৰ বৰুৱা আৰু বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ উপস্থিতিত কংগ্ৰেছ দলৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷
আনহাতে, ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰাৰ সময়তে বিজেপি বিধায়ক গৰাকীয়ে বিহপুৰীয়াক কংগ্ৰেছ মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰা বিষয়টোৱে সম্প্ৰতি ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়কঃ খহনীয়াৰ কবলত টিংখাং : বুঢ়ীদিহিঙৰ বুকুত বহু হেক্টৰ কৃষিভূমি