ETV Bharat / state

Subansiri Hydroelectric Project: NHPCৰ জনকল্যাণমূলক আঁচনিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ - NHPCs Public Welfare Scheme

অৱশেষত উৎপাদন আৰম্ভ হোৱাৰ দিশে গতি কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (Lower Subansiri Hydroelectric Project)। এনে সময়ত প্ৰকল্পটোৰ দাঁতি কাষৰীয়া নদী জীৱিকা নিৰ্ভৰ লোকৰ জৰীপ আজিও নকৰাৰ অভিযোগ উঠিছে ।

Lower Subansiri Hydroelectric Project
নামনি সোৱণশিৰি প্ৰকল্প
author img

By

Published : May 9, 2023, 7:36 PM IST

নামনি সোৱণশিৰি প্ৰকল্প

লখিমপুৰ, ৯ মে': গেৰুকামুখৰ ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পথত । ইয়াৰ পিচতো হোৱা নাই নদী নিৰ্ভৰ জীৱিকা নিৰ্বাহ কৰা লোকৰ পুনৰ সংস্থাপন । অহা জুনৰ পৰা উৎপাদন আৰম্ভ হ'ব বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । দীর্ঘদিন ধৰি নানা বিতৰ্কই লগ নেৰা প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ বাবে এনএইচপিচি আৰু চৰকাৰ উঠিপৰি লাগিছে (NHPCs Public Welfare Scheme)। ফলত এটা দশকৰো অধিক কাল ৰাইজে প্ৰকল্পটো বন্ধ কৰাৰ বাবে জনোৱা দাবী অথলে গ'ল ।

সম্প্ৰতি প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ প্ৰাক মুহূর্তত উত্থাপন হৈছে প্ৰকল্পটোৰ আন এক অধ্যায় । প্ৰদেশ কংগ্রেছ কমিটীৰ আৰ টি আই বিভাগৰ ৰাজ্যিক সচিব নাৰায়ণ শইকীয়াই এনএইচপিচিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, ২০১৫ চনৰ ডিচেম্বৰত গুজৰাটৰ আনন্দ নামৰ এটা বেচৰকাৰী সংস্থাৰ সৈতে এনএইচপিচিৰ এক চুক্তি স্বাক্ষৰিত হৈছিল (Congress allegation against NHPC)।

এই চুক্তি মতে, সংস্থাটোৱে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দাঁতিকাষৰীয়া অঞ্চলত নদীৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা লোকৰ জৰীপ কৰিব । এই জৰীপৰ পাছত বিকল্প সংস্থাপনৰ পথৰ বাবে এনএইচপিচিয়ে জনকল্যাণ মূলক আঁচনি গ্ৰহণ কৰিব । পিছে বাস্তব ক্ষেত্রত তেনে কোনো ব্যৱস্থা লোৱা নহ'ল বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।

এনে ব্যৱস্থা গ্রহণ নকৰাকৈয়ে প্ৰকল্পটোৰ উৎপাদন আৰম্ভ কৰাৰ প্ৰস্তুতি কৰা বুলি তেওঁ ক্ষোভ প্রকাশ কৰে । উল্লেখ্য যে, প্ৰকল্পটোত প্রথম অৱস্থাত ২৫০ মেগাৱাটকৈ দুটা ইউনিটেৰে অহা জুনৰ পৰা ৫০০ মেগাৱাটকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব । ইতিমধ্যে ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ কাম ৯৮ শতাংশ সম্পূৰ্ণ হৈ উঠাৰ লগতে সামগ্রিকভাৱে প্ৰকল্পটোৰ কাম ৮৮.৫ শতাংশ সম্পূৰ্ণ হৈছে । মূল বান্ধৰ হোৱাৰ লগতে ১, ২, ৩ নং ব্লকৰ কাম সম্পূৰ্ণ হৈছে । সম্প্রতি প্ৰকল্পটোত গেট স্থাপনৰ কাম সম্পূর্ণ হ'ব ।

বহু দল-সংগঠন, ব্যক্তি আদিৰ প্ৰতিবাদ আৰু বাধা নেওচি অৱশেষত প্রায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটোৰ এনে জনকল্যাণমূলক আঁচনি গেঁঠেলা মাৰি থাকিল । ইফালে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত উৎপাদন হোৱা বিদ্যুৎ শক্তি ৰাজ্যৰ বাহিৰলৈ উলিয়াই নিয়াৰ বাবে এনএইচপি চিয়ে বিভিন্ন স্থানত টাৱাৰ লাইনৰ কাম চলাই আছে ।

লগতে পঢ়ক:Road accident at Maligaon : মালিগাঁৱত সেনাবাহিনীৰ বাহনৰ খুন্দাত নিহত ছাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.