বিহপুৰীয়া, 24 নৱেম্বৰ: সোমবাৰৰ পৰা উপবাসে আছে চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা ৷ কাৰণ এটাই,বৰাৰ প্ৰিয় ৰাজনীতিবিদ তৰুণ গগৈয়ে সোমবাৰে মৃত্যুক আঁকোৱালি লৈছে ৷ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে গগৈৰ মৃত্যুত আৱেগিক হৈ পৰিয়ালৰ সদস্য বিয়োগৰ দৰেই পালন কৰে বৈদিক নীতি-নিয়ম ৷ এসময়ৰ জে বি মহাবিদ্যালয়ৰ কণিষ্ঠ সতীৰ্থ হিচাপে লগ পোৱা তৰুণ গগৈক সুঁৱৰি আৱেগিক হৈ পৰে প্ৰেমধৰ বৰা ৷
লগতে চাওকঃ কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ