ETV Bharat / state

নাৰায়ণপুৰত জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস উদযাপন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নৱ কুমাৰ দলে আৰু পল্লৱলোচন দাসৰ উপস্থিতিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত উদযাপন জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস ৷ এই সভাত মুখ্যমন্ত্ৰী সোণোৱালে অংশগ্ৰহণ কৰি শদিয়াত জননেতাগৰাকীৰ স্মৃতিত ১১০ বিঘা ভূমিত এটি বৃহৎ প্ৰকল্প নিৰ্মাণৰ কথা উল্লেখ কৰে ৷

Celebration of 63rd Memorial Day of Bhimbur Deuri
নাৰায়ণপুৰত জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস উদযাপন
author img

By

Published : Nov 30, 2020, 5:59 PM IST

Updated : Nov 30, 2020, 6:43 PM IST

লখিমপুৰ, 30 নৱেম্বৰ: আজি জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জননেতা গৰাকীৰ স্মৃতি দিৱসটি এইবাৰ পোন প্ৰথমবাৰৰ বাবে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত উদযাপন কৰা হয় । নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুস্থিত কৰা এই স্মৃতি দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে, সাংসদ পল্লৱলোচন দাসৰ লগতে আন কেইবাজনো সাংসদ-বিধায়ক উপস্থিত থাকে ৷

নাৰায়ণপুৰত জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস উদযাপন

সভাৰ আৰম্ভনিতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জননেতা ভীমবৰ দেউৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পন কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে নতুন প্ৰজন্মৰ ছাত্র-ছাত্ৰী সকলক জননেতা গৰাকীৰ নীতি-আদৰ্শক অনুকৰণ কৰিবলৈ আহ্বান জনায় । মুখ্য়মন্ত্ৰী গৰাকীয়ে শদিয়াত জননেতা গৰাকীৰ স্মৃতিত ১১০ বিঘা ভূমিত এটি বৃহৎ প্ৰকল্প নিৰ্মাণৰ কথাও সভাত ঘোষণা কৰে ।

অন্য এক খবৰৰ বাবে: ৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

Last Updated : Nov 30, 2020, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.