লখিমপুৰ ,২১ ডিচেম্বৰ: লখিমপুৰ জিলাত মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ পাচতো আঁচনি ব্যবহাৰৰ বাবে উপযোগী নহ'ল । নিৰ্মাণ সম্পূর্ণ নৌহওঁতেই মুকলি কৰা লখিমপুৰৰ নৱ নিৰ্মিত বাইপাছ পাঁচ দিনেই যাতায়াতৰ বাবে মুকলি কৰা হোৱা নাই (Bypass not opened at Lakhimpur) ।
উল্লেখ্য় যে যোৱা ষোল্ল ডিচেম্বৰৰ দিনটো লখিমপুৰ জিলাবাসীৰ বাবে আছিল আনন্দৰ দিন (CM Himanta Biswa Sarma inaugurates Bypass)। এই দিনটোতে মুখ্যমন্ত্রী গৰাকীয়ে জিলাবাসীক উপহাৰ দিয়ে কেইবাটাও আঁচনি । স্বাধীনোত্তৰ কালৰ পৰাই নোহোৱা বহু উন্নয়নী আচনিৰে ভৰি পৰিল লখিমপুৰ জিলা । ঘূণাসুঁতিৰ দলং, লখিমপুৰ বাইপাছকে ধৰি বহু যুগমীয়া আচনি উপহাৰ দি মুখ্যমন্ত্রীগৰাকীয়ে জিলাখনৰ উন্নয়নৰ গতিত সোণোৱালী বৰণ সানিলে (Ghunasuti bridge at Lakhimpur)। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সিদিনা ঘূণাসুঁতিৰ দলঙসহ ১৪ টাকৈ প্ৰকল্পৰ শিলান্যাস কৰে । আনহাতে,তেওঁ উদ্বোধন কৰে এঘাৰটা প্ৰকল্প । এই উদ্বোধন কৰা প্ৰকল্পসমূহৰ অন্যতম আছিল নগৰৰ কাষেৰে নিৰ্মাণ কৰা জিলাখনৰ প্ৰথমটো বাইপাছ ।
নগৰখনৰ প্ৰবেশদ্বাৰ স্বৰূপ গনেশ উদ্যানৰ সমীপৰ পৰা আৰম্ভ হৈ চৰাইমৰীয়াত পুনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱা দহ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছটো মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘূণাসুঁতিৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰে (Ganesh Park of Lakhimpur)। প্ৰায় সাত বছৰ ধৰি নিৰ্মাণ কৰি থকা বাইপাছটো উদ্বোধন কৰাটো লখিমপুৰীয়া ৰাইজৰ বাবে বহু প্ৰত্যাশিত ক্ষণ আছিল । কিয়নো লখিমপুৰৰ দৰে ঠেক নগৰখনত বৰ্ধিত জনসংখ্যা, যান বাহনৰ ফলত নিতৌ সমস্যাত ভাৰাক্ৰান্ত হৈ আহিছে । বিশেষকৈ নগৰ এলেকাৰ যানজঁটৰ সমস্যাই নাগৰিকসকলক হাৰাশাস্তি কৰি আহিছে ।
উক্ত বাইপাছটোৰ নিৰ্মাণ সম্পুর্ণ হ'লে দুৰণিবটীয়া যান-বাহন বাইপাছেৰে অতিক্ৰম কৰিলে নগৰখনৰ যান-বাহনৰ ভীৰ হ্ৰাস পাব বুলি ৰাইজে আশা কৰিছিল । সেয়ে ৰাইজে বাইপাছটো উদ্বোধনৰ ক্ষণ গনিছিল ৰাইজে । অৱশেষত ষোল্ল ডিচেম্বৰত মুখ্যমন্ত্রী গৰাকীয়ে বাইপাছটো উদ্বোধন কৰে । কিন্তু উদ্বোধন হ'লেও বাইপাছটো ব্যবহাৰৰ বাবে আজিও মুকলি কৰা নাই । বাইপাছটোৰ আৰম্ভণিতে পথ বন্ধৰ ফলক লগাই বন্ধ কৰি ৰখা হৈছে ।
বাইপাছটোৰ নিৰ্মাণ সম্পুর্ণ নোহোৱা বাবেই আজিও মুকলি কৰি দিয়া নাই । এই লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । এই প্ৰসংগত কোচ ৰাজবংশী সংগ্রাম সমিতিৰ নেতা ৰূপজ্যোতি দত্তই বাইপাছটোৰ নিৰ্মাণ সম্পুর্ণ যদি হোৱাই নাছিল তেন্তে কিয় উদ্বোধন কৰা হ'ল বুলি ক্ষোভেৰে কয় । নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ উদ্বোধন কৰোৱাৰ আঁৰত কি কাৰণ থাকিব পাৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
লগতে পঢ়ক:Bharat Jodo Yatra viral video: কংগ্ৰেছে দিব বিজেপিৰ আইটি চেলৰ বিৰুদ্ধে মানহানিৰ গোচৰ