ETV Bharat / state

Flood at Ranganodi: ৰঙানদীৰ ভয়ংকৰ ৰূপ, চকুৰ পচাৰতে উটুৱাই লৈ গ’ল দুখনকৈ দলং - ৰঙানদীৰ ভয়ংকৰ ৰূপ

মঙলবাৰে দুপৰীয়াৰে পৰা ৰঙানদীত নীপকোৱে প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নদীখনে বলীয়া ৰূপ ধাৰণ কৰি নৈপৰীয়া অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে (Ranganodi flood in Lakhimpur)৷ স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰা খাৰকাটি ফটাসূতি ঘাটৰ বাঁহৰ দলংখন নদীৰ প্ৰবল সোতে উটুৱাই লৈ যোৱাৰ খন্তেক পাছতে খাৰকাটি বালিগাঁও ঘাটৰ কাঠৰ দলংখনো উটুৱাই নিয়ে ৷

Bridge broke cause of flood at Ranganodi
Flood at Ranganodi: ৰঙানদীৰ ভয়ংকৰ ৰূপ, চকুৰ পচাৰতে উটুৱাই লৈ গ’ল দুখনকৈ দলং
author img

By

Published : Oct 25, 2022, 9:31 PM IST

Updated : Oct 25, 2022, 10:34 PM IST

লখিমপুৰ, 25 অক্টোবৰ: আৱতৰীয়া বানত পুনৰ বিধস্ত হ’ল লখিমপুৰ (Flood in Lakhimpur)৷ লখিমপুৰত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰঙানদীয়ে ৷ মঙলবাৰে দুপৰীয়াৰ পৰা ৰঙানদীত নীপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিয়াৰ ফলত নদীখনে বলীয়া ৰূপ ধাৰণ কৰি নৈপৰীয়া অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে (Ranganodi flood in Lakhimpur)৷ বিশেষকৈ লখিমপুৰৰ চকুলোখ্যাত ৰঙানদীৰ পাৰত থকা অঞ্চলসমূহত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷

ৰঙানদীৰ ভয়ংকৰ ৰূপ, চকুৰ পচাৰতে উটুৱাই লৈ গ’ল দুখনকৈ দলং

নীপকোৱে প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ৰুদ্ৰ মূৰ্তি ধাৰণ কৰা নদীখনে পাচনৈ অঞ্চলক বিধ্বস্ত কৰা উপৰি নামনিৰ দিশে দুখনকৈ দলং উটুৱাই নিয়ে ৷ স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰা খাৰকাটি ফটাসূতি ঘাটৰ বাঁহৰ দলংখন নদীৰ প্ৰবল সোতে উটুৱাই লৈ যোৱাৰ খন্তেক পাছতে খাৰকাটি বালিগাঁও ঘাটৰ কাঠৰ দলংখনো উটুৱাই নিয়ে (Bridge broke cause of flood at Ranganodi ) ৷

উল্লেখ্য যে স্থানীয় ৰাইজে গাঁঠিৰ ধনেৰে প্ৰায় তিনি লাখ টকা ব্যয় কৰি যোৱা ২১ অক্টোবৰত এই কাঠৰ দলংখন নিৰ্মাণ সম্পূর্ণ কৰিছিল ৷ লঘু যান-বাহন পাৰ হ’ব পৰাকৈ নিৰ্মাণ কৰা এই দলং খন উটুৱাই নিয়াৰ ফলত ৰাইজৰ বিস্তৰ ক্ষতিৰ লগতে যোগাযোগ ব্যবস্থা ব্যাহত হৈ পৰিছে ৷ আনহাতে লখিমপুৰত ৰঙানদীয়ে এনে সংহাৰ মুৰ্তি ধাৰণ কৰাৰ পাছতো নীপকোৱে কেৰেপ কৰা নাই ৷

নীপকোৱে দুপৰীয়া প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাৰ বাবে পানী মোকোলাই দিয়া হ’ব বুলি লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কৰ্তা প্ৰেৰণ কৰে (Flood cause for NEEPCO) ৷ তাৰ পাছতেই নীপকোৱে প্ৰকল্পৰ চাৰি নং গেট খুলি ৰঙানদীত পানী এৰি দিয়ে ৷ প্ৰথমে এশ দুশৰ পৰা আৰম্ভ কৰি গেট খন ১৫ শ মিলিমিটাৰ পৰ্যন্ত খুলি দিয়ে ৷ সন্ধিয়াৰ পূৰ্বে গেটখনেৰে ১৭ শ মিলিমিটাৰ খুলি দিয়ে ৷ নিশা আঠ বজালৈ নীপকোৱে চাৰি নং গেটখন ২৫ শ মিলিমিটাৰলৈ খুলি দিয়ে ৷

এতিয়া ইয়াৰ পিছতে সন্ধিয়াৰ পৰা লখিমপুৰত ৰঙানদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত এনে দুৰ্যোগ দেখিও প্ৰশাসন, চৰকাৰ অথবা জন প্ৰতিনিধিৰ কোৰ সাৰ সুৰ নাই ৷ পাচনৈত ঘৰ বাৰী, ৰাস্তা-পদুলি বুৰাই পেলায় নদীৰ বানে । কেৱল কৃষিৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলটোৰ ৰবি শস্যৰ ওপৰত এতিয়া একঁকালতকৈয়ো অধিক পানী ৷ শস্যক্ষেত্ৰৰ ওপৰেৰে বৈছে নদীৰ কোবাল সোঁতে ৷ নিজৰ খেতি-বাতি হেৰুৱাই এতিয়া দিক বিদিক হেৰুৱাইছে লোকসকল ৷

লগতে পঢ়ক: Flood in Lakhimpur: নীপকোৱে এৰি দিয়া বানত দিক-বিদিক হেৰুৱাইছে লখিমপুৰবাসীয়ে

Last Updated : Oct 25, 2022, 10:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.