ETV Bharat / state

মহাবাহুৰ গ্ৰাসত বিহপুৰীয়াবাসী

বিগত তিনি চাৰিদিন ধৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ফেনে-ফোটোকাৰে বাঢ়ি অহাত চপৰা চপৰে খহিছে উটি নৈৰ গৰা। আনহাতে তীব্ৰ ভাবুকি আহিছে বনপুৰৈ জামুগুৰিৰ ৩ নং চেকবান্ধটোলৈ । খহনীয়াৰ প্ৰকোপ ইমানেই বেছি যে মূল মথাউৰিটোলৈ বৰ্তমান মাথো ২০০ মিটাৰতকৈও কম দূৰত্ব আছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

author img

By

Published : Jun 23, 2020, 7:55 PM IST

Brahmaputra erosion
মহাবাহুৰ গ্ৰাসত বিহপুৰীয়াবাসী

বিহপুৰীয়া, 23 জুনঃ ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ চৰম অমনোযোগিতা, অৱহেলাৰ বাবে টোপনি নাইকিয়া হৈছে বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিবাসীৰ ৷ বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত জাহ গৈছে জিলাখনৰ নাৰায়ণপুৰৰ জামুগুৰি অঞ্চলৰ কেবাটাও পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে হাজৰ হাজাৰ বিঘা কৃষি ভূমি ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পূৰ্বৰে পৰা এই অঞ্চলসমূহত খহনীয়া নিয়ন্ত্ৰণৰ বাবে কোনেধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে ৷ ফলস্বৰূপে এই বছৰো বিগত তিনি চাৰিদিন ধৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ফেনে-ফোটোকাৰে বাঢ়ি অহাত চপৰা চপৰে খহিছে উটি নৈৰ গৰা। আনহাতে তীব্ৰ ভাবুকি আহিছে বনপুৰৈ জামুগুৰিৰ ৩ নং চেকবান্ধটোলৈ । খহনীয়াৰ প্ৰকোপ ইমানেই বেছি যে মূল মথাউৰিটোলৈ বৰ্তমান মাথো ২০০ মিটাৰতকৈও কম দূৰত্ব আছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

বিহপুৰীয়া

লগতে পঢ়কঃ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে প্ৰস্তুত কৰিছে এটি বিশেষ গীত

এই সময়ছোৱাত ৰাজ্যৰ জলসম্পদ বিভাগে কেইটামান বল্ডাৰ আৰু প্ৰায় 4/5 ডাল পাৰ্কুপাইন পেলাই খহনীয়া ৰোধ কৰাৰ যি প্ৰচেষ্টা চলাইছে ইয়াক একেমুখে ধিক্কাৰ দিছে সাধাৰণ ৰাইজে । ইয়াৰোপৰি, জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে স্থানীয় ঠিকাদাৰৰ লগত মিলি খহনীয়া প্ৰতিৰোধৰ বাবে অহা চৰকাৰী ধন আত্মসাতৰ পাং পাতিছে বুলি অভিযোগ কৰিছে ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.