ETV Bharat / state

খহনীয়াৰ গ্ৰাসত বনপুৰৈ-জামুগুৰি অঞ্চল - মথাউৰি

মুখ্যমন্ত্ৰীৰ পদধূলাইয়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই বনপুৰৈ-জামুগুৰি অঞ্চলৰ খহনীয়া ৷ বনপুৰৈ-জামুগুৰিত একমাত্ৰ মথাউৰিটোৰ নৈৰ বুকুলৈ আৰু মাত্ৰ ১০ মিটাৰমান বাকী থকাৰ অৱস্থাত কেইডালমান বাঁহ পেলাই খহনীয়া ৰোধৰ চেষ্টা ৷

brahmaputra erosion at bihpuria
brahmaputra erosion at bihpuria
author img

By

Published : Aug 11, 2020, 10:34 PM IST

বিহপুৰীয়া, 11 আগষ্ট : বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ-জামুগুৰিত প্ৰৱল খহনীয়া ৷ যোৱা ২৮ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰিছিল খহনীয়াগ্ৰস্ত অঞ্চল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ পদধুলাইয়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই অঞ্চলটোৰ খহনীয়া ৷ বনপুৰৈ-জামুগুৰিত একমাত্ৰ মথাউৰিটোৰ ব্ৰহ্মপুত্ৰৰ বুকুলৈ আৰু মাত্ৰ ১০ মিটাৰমান বাকী থকাৰ অৱস্থাত কেইডালমান বাঁহ পেলাই খহনীয়া ৰোধৰ চেষ্টা কৰা চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বনপুৰৈ জামুগুৰিবাসীয়ে ৷ কিন্তু ধন নাই জল সম্পদ বিভাগৰ ওচৰত ৷ পুঁজি আৱন্টন দিয়া নাই চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ পদধুলাইয়ও নিয়ন্ত্ৰণ কৰিব পৰা নাই খহনীয়া ৷

খহনীয়াৰ গ্ৰাসত বনপুৰৈ-জামুগুৰি অঞ্চল

বাৰম্বাৰ সংবাদ মাধ্যমে অঞ্চলটোৰ ভয়াবহ খহনীয়াৰ বাতৰি সম্প্ৰচাৰ কৰি অহাৰ পিছতো ভাষণৰ ফুলজাৰি মৰা বিজেপি নেতৃত্বাধীন চৰকাৰে বিষয়টো গুৰুত্ব নিদিয়াৰ পৰিণাম ভুগিবলগীয়া হৈছে ৰাইজে ৷ চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰাৰ বাবে ৰাইজে জগৰীয়া কৰিছে সংবাদ মাধ্যমক ৷ বছৰ-বছৰ জুৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বোচ্চ ত্যাগ কৰিবলগীয়া হোৱা খহনীয়াগ্ৰস্তৰ ক্ষোভ সংবাদ মাধ্যম আৰু চৰকাৰৰ ওপৰত ৷

লগতে পঢ়ক : স্বাধীনতাৰ ৭৩ বছৰৰ পিছত বিদ্যুতৰ পোহৰ দেখিলে মাজগাঁওবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.