লখিমপুৰ, ২১ মাৰ্চ : লখিমপুৰত পুনৰ ভয়ংকৰ ঘটনা ৷ নাওবৈচাৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাঁওতেই লখিমপুৰত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ প্ৰেমিকাৰ ঘৰত অস্বাভাৱিকভাৱে প্ৰাণ হেৰুৱালে প্ৰেমিকে (Unnatural death of youth) ৷ অৱশ্যে এই ঘটনা এতিয়া হত্যা নে দুৰ্ঘটনা সেয়া পোহৰলৈ অহা নাই (Youth died at Lovers house) ৷
ঘটনাৰ বিৱৰণী অনুসৰি লখিমপুৰ নগৰৰ সমীপতে থকা ভৰ্তি সোণোৱাল গাঁৱত এজন যুৱকে অস্বাভাৱিকভাৱে মৃত্যুক আঁকোৱালি লয় ৷ মৃত প্ৰেমিকজন লখিমপুৰ আজাদ মজগুৰিৰ ভদ্ৰ বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে ৷ দীৰ্ঘদিন ধৰি ভদ্ৰৰ ভৰ্তি সোণোৱাল গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৷ দুয়োটা পৰিয়ালেই অৱগত আছিল তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ৷ জনা মতে দুয়োটা পৰিয়ালৰ এই সম্বন্ধৰ ক্ষেত্ৰত কোনো আপত্তিও নাছিল (Suspected death of youth)।
তাৰ পিচতে পূৰ্বৰ দৰে দেওবাৰে ঘৰতে আছিল ভদ্ৰ ৷ সন্ধিয়া গৰু আনিবলৈ বুলি যাওঁতেই প্ৰেমিকাৰ আমন্ত্ৰণত প্ৰেমিকাৰ ঘৰলৈ গৈছিল ভদ্ৰ ৷ কিন্তু প্ৰেমিকাৰ ঘৰৰ পৰা নিশা অহা নাছিল যুৱকজন ৷ ঘৰৰ লোকে এই সন্দৰ্ভতো কোনো খা খবৰ কৰা নাছিল ৷ কিন্তু ইয়াৰ মজতে সোমবাৰে ভদ্ৰৰ ৰহস্যজনকভাৱে মৃত্যু হয় (Sensation over youth death in Lakhimpur) ৷
এই ঘটনাৰ পিচতে প্ৰেমিকাৰ ঘৰত বিদুৎস্পৃষ্ট হৈ ভদ্রৰ মৃত্যু হোৱা বুলিও এক বাৰ্তা বিয়পিছিল ৷ ইফালে ভদ্ৰৰ প্ৰেমিকাৰ পৰিয়ালে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও মৃতদেহটো এৰি পলায়ন কৰে ৷ আনকি মৃত্যু হোৱাৰ কথা ভদ্ৰৰ পৰিয়ালকো অৱগত কৰা নাছিল প্ৰেমিকাগৰাকীৰ পৰিয়ালে ৷ এই ঘটনাৰ পিচতে এতিয়া অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Boyfriend died in Girlfriend home) ৷
ইতিমধ্যে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ আখ্যা দি ভদ্রৰ পৰিয়ালে পানীগাঁও থানাত এজাহাৰ দাখিল কৰিছে । প্ৰেমিকাৰ পৰিয়ালেই প্ৰেমিক ভদ্ৰ বুঢ়াগোহাঁইক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ভদ্ৰৰ পৰিয়ালে । ইতিমধ্যে ভদ্ৰৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
আৰক্ষীৰ তদন্তৰ পিচতহে ভদ্ৰৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে ভদ্ৰৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে ৷ আনহাতে একমাত্ৰ ভদ্ৰই বিধৱা মাকৰ সংগ আছিল ৷ পিতৃ ঢুকোৱাৰ পিচৰে পৰা ভদ্ৰই ঘৰখন চাই আছিল ৷ এতিয়া ভদ্ৰৰ মৃত্যুত শোকত ভাগি পৰিছে দুৰ্ভগীয়া মাতৃ ৷
লগতে পঢ়ক: Lakhimpur murder case: জালত পৰি মোমায়েকৰ তেজেৰে হাত ৰাঙলী কৰা ইমাম ছফিকুল