ETV Bharat / state

Body of newborn baby recovered: শ্মশান চৌহদত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - আৰক্ষীয়ে এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰে

শুকুৰবাৰে পুৱা লখিমপুৰৰ খেলমাটি আৰক্ষী চকীৰ অন্তৰ্গত এটা শিৱ মন্দিৰৰ সমীপৰ শ্মশান চৌহদত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হয়(Body of newborn baby recovered) ৷ স্থানীয় লোকে দেৱশিশুটিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷

new-born-baby-rescue-in-lakhimpur
New born baby rescue : লখিমপুৰত পৰিত্যক্ত মোনাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
author img

By

Published : Nov 27, 2021, 6:31 PM IST

লখিমপুৰ, 27 নৱেম্বৰ : লখিমপুৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ কোনো অজ্ঞাত লোকে শ্মশান চোহদৰ ভিতৰত পেলাই থৈ গ'ল এটি নৱজাতকৰ মৃতদেহ ৷ শুকুৰবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে দেৱ শিশুটিৰ মৃতদেহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, লখিমপুৰ নগৰৰ খেলমাটি আৰক্ষী চকীৰ অন্তৰ্গত শিৱমন্দিৰৰ সমীপত থকা শ্মশান চৌহদত উদ্ধাৰ হৈছিল দেৱশিশুটিৰ মৃতদেহ (Body of newborn baby recovered in Lakhimpur) ৷ এনেধৰণে শ্মশান চৌহদত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই পুনৰ এবাৰ উদঙাই দিলে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাক ৷

New born baby rescue : লখিমপুৰত পৰিত্যক্ত মোনাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

এটি মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা এই মৃত দেৱ শিশুটি শুকুৰবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মোনাৰ ভিতৰৰ পৰা এটি লৰা সন্তানৰ মৃতদেহটো উদ্ধাৰ কৰে(Police recovered new bornbaby )।

উল্লেখ্য যে মৃতদেহটোৰ শৰীৰত এখন চিকিৎসালয়ৰ টিকট লাগি থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ইতিমধ্যে নৱজাতকটিৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ অঞ্চলটোত এক চাঞ্চল্যৰো সৃষ্টি হয় ।

এয়া কোনো দম্পতি অথবা কোনো অবৈধ প্ৰেমৰ পৰিণতিত গৰ্ভপাত কৰাই নিজৰ লজ্জা ঢাকিবৰ বাবে অৱশেষত এনে পথ গ্ৰহণ কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে । তদুপৰি এনে অমানৱীয় কাণ্ডৰ লগত জড়িত দোষীক উলিয়াই শাস্তি প্ৰদানৰো আহ্বান জনালে অঞ্চলটোৰ লোকসকলে ৷

লগতে পঢ়ক : New born baby rescue : সদ্যজাত কন্যা শিশুক পেলাই থৈ গ’ল বাঁহনিত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.